কাপোৰৰ উদ্যোগ প্ৰতিষ্ঠাৰে উজলি উঠিছে অসমীয়া যুৱক

0 289

উৎসৱৰ বতৰ।চাৰিওফালে পূজাৰ প্ৰস্তুতি চলিছে।বজাৰ ,শ্বপিং মল আদিত বিশেষ ৰেহাই চলি আছে।এই সময়ত চ’চিয়েল মেডিয়াত এজন অসমীয়াৰ যুৱকে বিশেষ চৰ্চা লাভ কৰিছে।কাৰণ বহুজাৰ্তিক কোম্পানীক  প্ৰত্যাহবান জনাই মহানগৰীৰ যুৱকজনে আৰম্ভ কৰিছে পুৰুষৰ গাৰমেনচৰ উদ্যোগ।নবেল টেক্সটাইল নামৰ এই উদ্যোগটোত গেঞ্জি উৎপাদন হয়।এই সম্পৰ্কে আমি কথাপাতিছিলো উদ্যোগটোৰ স্বত্বাধিকাৰী প্ৰণৱ তালুকদাৰৰ সৈতে।তেখেতে আমাক এনেদৰে জনায়-বিশ্ব বিনিয়োগ সন্মিলনত হোৱা চুক্তি মৰ্মে টি টি কোম্পানীয়ে এই উদ্যোগটো় আৰম্ভ কৰাত সহযোগ কৰে।বৰ্তমান আমাৰ উদ্যোগটোত ৩০ জন ব্যক্তি কৰ্মৰত হৈ আছে।অসমৰ লগতে আগৰতলা,ডিমাপুৰ আদিলৈ আমাৰ কাপোৰ যায় ।টি টি কোম্পানী ৫০ বছৰৰ পুৰণি কোম্পানী।অসমত এনেধৰণৰ কোম্পানীৰ আৱশ্যকতা আছে।ইয়াৰ জৰিয়তে বহুতো নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব পাৰে।মই অসমক ভালপাও ,অসমৰ প্ৰতি থকা জাতীয়তাবোধৰ বাবে এনে এটা উদ্যোগ স্থাপন কৰাৰ বাবে মন মেলো।ব্যৱসায়টো প্ৰসাৰৰ বাবে এতিয়া ডিলাৰচিপৰ প্ৰয়োজন ।এই মন্তব্য প্ৰণৱ তালুকদাৰৰ।নতুন ধাৰণাৰে আগবঢ়া প্ৰণৱ তালুকদাৰক এই আপাহতে বহু শুভকামনা জনালো।

Leave A Reply

Your email address will not be published.