কামৰূপ জিলাত হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সজাগতা স্কুটি ৰেলীৰ আয়োজন

0 250

আজাদী কা অমৃত মহোসৱৰ লগত সংগতি ৰাখি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পালন কৰিবলগীয়া হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতাৰ বাবে কালি কামৰূপ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ৰ পৰা দুটা স্কুটি ৰেলী উলিওৱা হয়। অসম ৰাজ্যিক গ্ৰামীণ অভিযান, কামৰূপৰ জীৱিকা সখী সকলে অংশগ্ৰহণ কৰা এই স্কুটি ৰেলী ফ্লেগ অফ্ কৰি শুভাৰম্ভ কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উল্লেখ্য যে দুটা দলত বিভক্ত এই ৰেলীৰ প্ৰথম গোটটোৱে চাংসাৰি, বাইহাটা চাৰিআলি হৈ বেজেৰা উন্নয়ন খণ্ডলৈ গৈ এই কাৰ্যসূচীৰ প্ৰচাৰ চলায়। আনহাতে দ্বিতীয় দলটোৱে আজাৰা, মিৰ্জা, বিজয় নগৰ হৈ ছয়গাওঁ উন্নয়ন খণ্ডলৈ গৈ প্ৰচাৰ চলায়।
আনহাতে উক্ত ফ্লেগ অফ কাৰ্যসূচীৰ পিছতে মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত কাৰ্যলয়ৰ সমীপৰ এচ.বি.আই. এটি.এম.ৰ ওচৰত স্থাপন কৰা জাতীয় পতাকাৰ এটি বিক্ৰী কেন্দ্ৰও আনুষ্ঠানিক ভাৱে মুকলি কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.