কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

0 126

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আজি সমগ্ৰ অসমৰ লগতে কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত ৪টা সমষ্টি ক্ৰমে ৪৮ নং বকো (অনুসুচিত জাতি), ৪৯ নং ছয়গাওঁ, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো বিধানসভা সমষ্টিৰ ২০২৩ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাখন কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী আৰু নিৰ্বাচন বিষয়া মানসজ্যোতি বৰাই আনুষ্ঠানিকভাবে প্ৰকাশ কৰে। আজি প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকা মতে কামৰূপ নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৭,৮৯,১০০ গৰাকী। ইয়াৰে ৩,৯৭,৬৯১ গৰাকী পুৰুষ আৰু ৩,৯১,৪০৯ গৰাকী মহিলা ভোটদাতা।

নতুন ভোটাৰ তালিকা অনুসৰি ৪৮ নং বকো (অনুসুচিত জাতি) সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৪৩,৬২৫ গৰাকী। ইয়াৰে ১,২৩,০২২ গৰাকী পুৰুষ আৰু ১,২০,৬০৩ গৰাকী মহিলা ভোটদাতা।একেদৰে ৪৯ নং ছয়গাওঁ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৯,২৫৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৯,৯৪১ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৯,৩১৬ গৰাকী।

ঠিক তেনেদৰে ৫০ নং পলাশবাৰী সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৬২,২০২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৮০,৬৮৬ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৮১,৫১৬ গৰাকী।তদুপৰি ৫৫ নং হাজো বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮৪,০১৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৯৪,০৪২ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৮৯,৯৭৪ গৰাকী।

এই বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাত বিগত বৰ্ষৰ ৯ নৱেম্বৰ তাৰিখে প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাৰ তুলনাত ০.৭০ শতাংশ নতুন ভোটাৰ বৃদ্ধি পাইছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.