অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কীয় এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত সাধাৰণ পৰ্যবেক্ষক কেশৱ সিংঘানিয়া, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, অতিৰিক্ত আয়ুক্ত তথা মিডিয়া চাৰ্টিফিকেছন মণিট’ৰিং কোষৰ ন’ডেল বিষয়া কংকন শৰ্মাকে ধৰি কেইবাগৰাকী সংশ্লিষ্ট বিষয়াই অংশগ্ৰহণ কৰে। সভাত উপস্থিত জ’নেল বিষয়া, আৰক্ষী আৰু অসামৰিক উভয়ৰে চেক্টৰ বিষয়াসকলক ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ জিলা আয়ুক্তই আহ্বান জনায় । তেওঁ লগতে কয় স্বচ্ছ, নিকা, নিখুঁত নিৰ্বাচনৰ স্বাৰ্থত আমি প্ৰত্যেকেই ত্যাগৰ মনোভাৱেৰে ধৈৰ্য সহকাৰে নিৰ্বাচন আয়োগৰ সকলো নীতি-নিয়ম মানি নিজৰ কৰ্তব্য পালন কৰিব লাগিব। তদুপৰি নিৰ্বাচনৰ সময়ছোৱাত নিজৰ সংশ্লিষ্ট এলেকাৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চেক্টৰ আৰক্ষী বিষয়াসকলক আহ্বান জনায় । উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ই ভি এম, নিৰ্বাচনী সামগ্ৰী আদিৰ বিতৰণৰ ব্যবস্হা কৰা হৈছে । সেইদৰে ভোটগ্ৰহণৰ অন্তত ই ভি এম গ্ৰহণ আৰু ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰতে।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা