কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰিক্সা চালক, ঠেলা চালক, গুৱাহাটীৰ ফুট পাথৰ কাষৰ অস্থায়ী দোকানী, মৎস বিক্ৰেতা, আশা কৰ্মী, অংগনবাড়ী কৰ্মী গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী আদিক সামৰি ১৬ বছৰৰ পৰা ৫৯ বছৰৰ ব্যক্তিসকলৰ ই-শ্ৰমত পৰ্টেলত পঞ্জীয়ন অধিক ক্ষিপ্ৰতাৰে কৰিবলৈ জিলা শ্ৰম বিভাগক নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত বৰ্তমান পৰ্যন্ত ই-শ্ৰম পৰ্টেলত ৯৭,৩৭৮ জন ব্যক্তিয়ে পঞ্জীয়ন কৰিছে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথি সুচিয়াংগ, সহকাৰী শ্ৰম আয়ুক্ত কে দাসকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে ই-শ্ৰম পৰ্টেলৰ বিষয়ে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়ে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing