কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ আন এক প্ৰশংসনীয় পদক্ষেপ। উচ্চতৰ মাধ্যমিকত উৰ্তীৰ্ন শিক্ষাৰ্থীসকলৰ পিছত এইবাৰ চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক ইতিবাচক পদক্ষেপ হাতত লৈছে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। এইবাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত প্ৰকৃত সেনানি সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছে মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। লক্ষ্যনীয় যে, ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহু চিকিৎসকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো এই পৰ্যন্ত সময়ৰ অভাৱৰ বাবে লাভ কৰিব পৰা নাই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ। সেয়েহে অহা ১০ আগষ্টৰ পৰা এইসকল আগশাৰীৰ যোদ্ধাক গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে হাতত লৈছে এই ইতিবাচক পদক্ষেপ। অহা ১০ আগষ্টৰ পৰা প্ৰতিদিনে ১০ জনকৈ চিকিৎসকক কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ক’ভিড মহামাৰীৰ সময়ত চিকিৎসক সকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যৰ চানেকি হিচাপে কামৰূপ জিলা পৰিবহন বিভাগে থিতাতে প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ ।তদুপৰি, চিকিৎসক সকলৰ সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহন বিভাগে গ্ৰহন কৰিছে এই পদক্ষেপ। পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ লগত জড়িত আন আন চিকিৎসা কৰ্মীকো পৰিবহন বিভাগে আগবঢ়াব এই সুবিধা। অহা ১০ আগষ্টত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এই পদক্ষেপৰ শুভাৰম্ভ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। ইফালে, চিকিৎসকলৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে লোৱা এই পদক্ষেপক চিকিৎসকসকলে আদৰণী জনাইছে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে