কামৰূপ মহানগৰ জিলাক ক’ৰণামুক্ত কৰাৰ বাবে খুবেই কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন।জিলাখনত গণ সংক্ৰমণে যাতে ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে সেই উদ্দেশ্য আগত ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা খনৰ বজাৰ সমিতি সমূহ বিষয়ববীয়া সকলৰ লগত মঙ্গলবাৰে এখন জৰুৰী সভা অনুষ্ঠিত হয়। পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু অতিৰিক্ত আয়ুক্ত পুলক মহন্ত জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগত অতিৰিক্ত উপায়ুক্ত সকল উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিৰ সভাপতি সম্পাদক সমূহক প্ৰতিখন দোকানৰ সন্মুখত ‘ন মাস্ক, ন’ চেলচ ‘ শীৰ্ষক বেনাৰ লগোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।তেওঁ কয় যে দোকানৰ প্ৰতিজন কৰ্মচাৰীয়ে মাস্ক পিন্ধা আৰু দোকানৰ সন্মুখত চেনিটাইজাৰ বা চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰখাতো বাধ্যতামূলক।অন্যথা প্ৰশাসনৰ টাস্ক ফৰ্চে দোকান সমূহ পৰিদৰ্শন কৰি লাইচেন্স বাতিল কৰি দিব।আনহাতে পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো অলিয়ে গলিয়ে প্ৰায় প্ৰতিখন দোকানৰ সন্মুখত ফুটপাথত অস্থায়ী দোকান বহুৱাতো বন্ধ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বজাৰ সমিতিক অনুৰোধ জনায়।নতুবা দোকানৰ বয় বস্তু জব্দ কৰা হ’ব বুলি উনুকিয়াই তেওঁ কয় যে যেতিয়ালৈকে ক’ভিড বিধি তথা চৰকাৰী নীতি নিৰ্দেশনা কঠোৰ ভাৱে মানি নচলে তেতিয়ালৈকে ক’ভিড ৰোধ কৰিব নোৱাৰি।সভাত জিলাখনৰ কেইবাখনো বজাৰ সমিতিৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা স্বাস্থ্য বিভাগ আদিৰ বিষয়-ববীয়াসকলে সভাত অংশগ্ৰহণ কৰে।
Trending
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান