কিছু শিথিলতাই আৰম্ভ হ’ল আন লকডাউনৰ ঘোষণা

0 240

চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সামৰণি পৰিল। আজি ঘোষণা কৰা হ’ল নতুন নিৰ্দেশাৱলী কিছুমানৰ সৈতে পঞ্চম পৰ্যায়ৰ  আনলকডাউন প্ৰক্ৰিয়াৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লকডাউন সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা।
 
 
এই প্ৰক্ৰিয়াত কি কি নতুনত্ব অনা হৈছে সেয়া ইতিমধ্যে ঘোষণা কৰিছে। আগন্তুক ৩০ জুনলৈ লকডাউনৰ বৃদ্ধি কৰা হ’ল। এইবাৰৰ লকডাউনৰ সময়ছোৱাত নিশা ৯বজাৰ পৰা ৰাতিপুৱা ৫বজালৈ সন্ধ্যাআইনৰ ব্যৱস্থা থাকিব।জুন মাহৰ ৩০তাৰিখলৈ ৰাজ্যৰ কনটেইনমেণ্ট জ’ন সমূহ বন্ধ ৰখাৰ ঘোষণা। জুন মাহৰ ৮তাৰিখৰ পৰা কেতবোৰ চৰ্ত সাপেক্ষে খোল খাব ধৰ্মীয় অনুষ্ঠানসমূহ। সমান্তৰালভাৱে খোল খাব শ্বপিং মল, হোটেল, ৰেষ্টুৰেণ্ট ইত্যাদিবোৰো।আগন্তুক জুলাই মাহৰ ৩০ তাৰিখলৈ বিদ্যালয় সমূহ বন্ধ থাকিব। জুলাই মাহৰ পিছৰ পৰা ছবিগৃহ আৰু জিম সমূহ খোলাৰ সম্ভাৱনা আছে।
 
 
সমান্তৰালভাৱে এইবাৰৰ পঞ্চম পৰ্যায়ৰ লকডাউনৰ সময়তো পূৰ্বৰ দৰেই নিষেধাজ্ঞা প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা চলাচলত। বিবাহ অনুষ্ঠানত ৫০জনতকৈ অধিক মানুহৰ সমাগম হ’ব নোৱাৰিব। লগতে মৃতকৰ সত্‍কাৰ কাৰ্যত বিছ জনৰ ওপৰত মানুহ হ’ব নোৱাৰিব। নিজ গৃহৰ পৰা কাম কৰিবলৈ আহ্বান। সমান্তৰালভাৱে ছয় ফুটকৈ সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। কোনো লোকে ৰাজহুৱা স্থানত থু খেকাৰ পেলাব নোৱাৰিব।
ৰাজহুৱা তথা ব্যক্তিগত উভয় স্থানতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কোনোধৰণৰ দোকানৰ সন্মুখত ৫ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব।

Leave A Reply

Your email address will not be published.