কিশোৰ কুমাৰ কলিতালৈ আৰোহণ সাহিত্য বঁটা

0 183

অসমীয়া সাহিত্যৰ জগতখনত দীৰ্ঘদিন ধৰি বিশেষ বৰঙণি আগবঢ়াই অহা দক্ষিণ কামৰূপৰ নৈপৰীয়া দখলা গাঁৱৰ কিশোৰ কুমাৰ কলিতালৈ আৰোহন আৰ্টিছ গ্ৰীল্ডে এইবাৰ আগবঢ়াইছে আৰোহণ সাহিত্য বঁটা। কাল ধুমুহা, কৃষ্ণচূড়াৰ ৰং, কল্লোলিনীৰ কল্লোল, কেঁচা সোণ, কাদম্বৰী আদি উপন্যাস ৰচনা কৰা কলিতাই চানডুবিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰে ৰচনা কৰা ‘কেঁচা সোণ’ নামৰ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই ‘গিৰিধৰ শৰ্মা বটা’ আগবঢ়াইছিল। বিভিন্ন কাকত আলোচনীত কবিতা, গল্প, প্ৰৱন্ধ, ধাৰাবাহিকভাৱে উপন্যাস প্ৰকাশ হৈ অহা কলিতাৰ ‘কবিতা নুবুজা ছোৱালীজনী’আৰু কবিতা এটাৰ দৰেই হ’ব ব’হাগ’ নামৰ দুখন কবিতা পুথিও প্ৰকাশ পাইছে। কবিতা সাধনাৰ বাবেই কবি কল্পদ্ৰুম বঁটাও লাভ কৰিছে। পেচাত সংবাদসেৱী কলিতাৰ ‘কুকি’ নামৰ প্ৰৱন্ধ সংকলন এখনো প্ৰকাশ পাইছে। কবি , গল্পকাৰ, উপন্যাসিক, প্ৰৱন্ধকাৰ কিশোৰ কুমাৰ কলিতাই নিৰবছিন্নভাৱে সাহিত্য চৰ্চা কৰি আহিছে। বিগত বিশ বছৰে অসমৰ সাহিত্য সাংস্কৃতিক সামাজিক ক্ষেত্ৰখনত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা আৰোহণ আৰ্টিছ গ্ৰীল্ডে অহা ৭ আৰু ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ অথবা কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দুদিনীয়াকৈ আয়োজন কৰা আৰোহণ বিশেষ বটা প্ৰদান অনুষ্ঠানত কলিতাক এই ‘আৰোহণ সাহিত্য বটা’ আনুষ্ঠানিকভাৱে প্ৰদান কৰিব বুলি আৰোহন আৰ্টিছ গ্ৰীল্ডৰ সভাপতি বিশিষ্ট সংগীত শিল্পী দিলীপ নাথে এই কথা জানিবলৈ দিয়ে। কলিতাক বিভিন্ন দল সংগঠনৰ লগতে শুভাকাংক্ষী সকলে শুভেচ্ছা জনাইছে।
বাতৰি যুগুতালে জিতুমনি দাসে

Leave A Reply

Your email address will not be published.