কামৰূপ জিলা কুকুৰমাৰাৰ ১ নং জীয়াকুৰৰ গোপাল মন্দিৰ খেলপথাৰত হেপ্পী স্পোৰ্টচ্ ক্লাৱৰ উদ্যোগত সদৌ অসম প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত হয়। উক্ত খেলখন আজাৰা এফ.চি.ক্লাৱ আৰু হেপ্পী স্পোৰ্টচ ক্লাৱৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আজাৰা এফ.চি.ক্লাৱে হেপ্পী স্পোৰ্টচ্ ক্লাৱক পৰাজিত কৰি চুড়ান্ত খিতাপ অৰ্জন কৰে। উল্লেখ্য যে, যোৱা ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনিৰ চেম্পিয়ন দলক চলন্ত ট্ৰফীৰ উপৰিও নগদ ৫০ হাজাৰ টকা আৰু ৰাণাৰ্ছ আপ দলক ট্ৰফীৰ লগতে ৩০ হাজাৰ টকা আগবঢ়ায় গুৱাহাটীৰ ডি.জে. এগ্ৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাইভেট লি:তে। চুড়ান্ত খেলখনত ডি.জে. এগ্ৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাইভেট লি:ৰ পৰিচালক সঞ্চালক দ্বীপজ্যোতি মহন্ত, সঞ্চালিকা মিলি মহন্ত উপস্থিত থাকে।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ