ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত আজি অসমৰ দুখন জিলাৰ সংগঠনটোৰ মণ্ডলসমূহত প্ৰবাস কাৰ্যসূচী সম্পন্ন হয়। অসমৰ কৰিমগঞ্জ জিলাৰ অন্তৰ্গত ৰামকৃষ্ণ নগৰ, দুৰ্লভচেৰা, সোণবিল বড়াইগাঁও, বদৰপুৰ, পাঠৰকান্দি, লোৱাইৰপোৱা, কৰিমগঞ্জ টাউন, বদৰপুৰ ব্লক, দক্ষিণ কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জ, সৰিচা মহিশাসন মণ্ডলৰ প্ৰবাস কাৰ্যসূচীত জিলা প্ৰভাৰী হিচাপে উপস্থিত থাকে মনোজ তালুকদাৰে। ইপিনে, হাইলাকান্দি জিলাৰ হাইলাকান্দি ব্লক, লালা ব্লক, অলগাপুৰ, টাপংগ, আয়নাখাল ৰাজেশ্বৰ, পূৱ হাইলাকান্দি টাউন, শৰিচাপুৰ, দক্ষিণ হাইলাকান্দি, লালা টাউন, পশ্চিম হাইলাকান্দি টাউন মণ্ডলত জিলা প্ৰভাৰী হিচাপে উপস্থিত থাকে বাবলা সেনে। কাৰ্যসূচীত সংগনটোৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা, উপ-সভাপতি ৰণিজৎ ভট্টাচাৰ্য, ভাস্কৰজ্যোতি দাস, নিবাৰণ লহকৰ, পূৰবী শৰ্মা, সাধাৰণ সম্পাদকদ্বয় ইন্দ্ৰানী তহবিলদাৰ আৰু বকুল দে’,বিষয়ববীয়া ইপ্সিতা বৰুৱা, সঞ্জীৱ বৰা, তৃষ্ণা শৰ্মা, অসমী বৰা, গৌতম দাস, অংকুৰ দত্ত, নিলাদ্ৰী গুপ্তা, হৰদ্বীপ চৌধুৰী, উৎপল গোস্বামী, সুৰজ্যোতি কলিতা, পৱিত্ৰ শইকীয়া, দীনেশ দাস, প্ৰাণজ্যোতি শৰ্মা উপস্থিত থাকে। উল্লেখ্য যে, দুয়োখন জিলাৰে প্ৰবাস কাৰ্যসূচীত কৃষকসকলৰ অভিযোগ-প্ৰতিঅভিযোগ সাক্ষ্য কৰি কৃষকসকল কেনেদৰে উপকৃত হ’ব পাৰে, ইয়াৰ ওপৰত আলোচনা কৰে।
Trending
- সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ দিল্লীৰ সৰ্বভাৰতীয় সংস্থাৰ বিশেষ বঁটা
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন সম্পন্ন
- সামাজিক কৰ্মৰে উদ্ভাসিত হোৱা এজন ব্যক্তিৰ কথাৰে
- ঢকুৱাখনাৰ এজন প্ৰতিভাধৰ বিস্ময় বালক-১১বছৰ বয়সতে ভক্তি ৰসেৰে আৰ্জিছে সুনাম
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন অনুষ্ঠিত
- ঢকুৱাখনাৰ বি এড কলেজৰ ৰূপালী জয়ন্তী প্ৰস্তুতি তুংগত
- গোলাঘাটত নিৰ্মীয়মান আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন উদ্যোগ মন্ত্রী বিমল বড়াৰ
- Ford Hospital brings renowned Orthopaedic surgeon to Guwahati
- ব্ৰহ্মপুত্ৰৰ বলুকা চিৰ সেউজ কৰি তুলিছে মঞ্জিত পাতিৰে
- শিল্পী অৰুণ দাসৰ স্বাস্হ্যৰ বুজ ল’লে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াই