অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত গঠিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন আৰু কামৰূপ জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ৰ উদ্যোগত যোৱা কালি কামৰূপৰ সদৰ আমিনগাৱত বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হয় । কৰ্কট দিৱস উদযাপনৰ অংশ হিচাপে ৰাতিপুৱা আঠ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক ,অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন , এছ জে এন হোমিওপেথিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিশিষ্ট ব্যক্তি সকলক লৈ আমিন গাঁৱৰ তোলাৰাম বাফনা চিকিৎসাল়য়ৰ পৰা কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয়লৈ খোজকাঢ়ি এক শোভাযাত্ৰা উলিওৱা হয় । তাৰ পিছতে কামৰূপ জিলা উপায়ুক্তৰ সভাকক্ষত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ কামৰূপ জিলা স্বাস্থ্য প্ৰবন্ধক ৰমেন বৰ্মন আৰু কামৰূপ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ অসংক্ৰামক ৰোগ শাখাৰ জিলা সমাম্বয়ৰক্ষী আছিফ ইকবাল আহমেদে আঁত ধৰা সভা খনত অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: গুনিন্দ্ৰ দেৱ শৰ্মা , জিলা এন চি ডি কোষৰ ন’বেল বিষয়া ডা: নৰেন্দ্ৰ সিং তিষ্যা ,তোলাৰাম বাসনা চিকিৎসালয়ৰ অধীক্ষক ডা: কন্দৰ্প ডেকা আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ ৰাজ্যিক প্ৰগ্ৰেম প্ৰবন্ধক ডা : সুব্ৰত চন্দই ভাষণ প্ৰদান কৰি কৰ্কট ৰোগৰ কাৰক সম্পৰ্কত ব্যক্ত কৰাৰ লগতে ৰোগ বিধৰ সন্দৰ্ভত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে ।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ