অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত গঠিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন আৰু কামৰূপ জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ৰ উদ্যোগত যোৱা কালি কামৰূপৰ সদৰ আমিনগাৱত বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হয় । কৰ্কট দিৱস উদযাপনৰ অংশ হিচাপে ৰাতিপুৱা আঠ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক ,অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন , এছ জে এন হোমিওপেথিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিশিষ্ট ব্যক্তি সকলক লৈ আমিন গাঁৱৰ তোলাৰাম বাফনা চিকিৎসাল়য়ৰ পৰা কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয়লৈ খোজকাঢ়ি এক শোভাযাত্ৰা উলিওৱা হয় । তাৰ পিছতে কামৰূপ জিলা উপায়ুক্তৰ সভাকক্ষত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ কামৰূপ জিলা স্বাস্থ্য প্ৰবন্ধক ৰমেন বৰ্মন আৰু কামৰূপ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ অসংক্ৰামক ৰোগ শাখাৰ জিলা সমাম্বয়ৰক্ষী আছিফ ইকবাল আহমেদে আঁত ধৰা সভা খনত অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: গুনিন্দ্ৰ দেৱ শৰ্মা , জিলা এন চি ডি কোষৰ ন’বেল বিষয়া ডা: নৰেন্দ্ৰ সিং তিষ্যা ,তোলাৰাম বাসনা চিকিৎসালয়ৰ অধীক্ষক ডা: কন্দৰ্প ডেকা আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ ৰাজ্যিক প্ৰগ্ৰেম প্ৰবন্ধক ডা : সুব্ৰত চন্দই ভাষণ প্ৰদান কৰি কৰ্কট ৰোগৰ কাৰক সম্পৰ্কত ব্যক্ত কৰাৰ লগতে ৰোগ বিধৰ সন্দৰ্ভত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে ।
Trending
- সংস্কাৰ ভাৰতী মহানগৰ জিলা আৰু সাংস্কৃতিক গোষ্ঠীৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় গীত, ৰাষ্ট্ৰীয় সংগীত, দেশপ্ৰেমমূলক গীত, নৃত্য , কথা কবিতাৰে স্বাধীনতা দিৱস উদযাপন
- ভাৰত চৰকাৰৰ ডি এছ টি বিভাগৰ সচিব ডঃ ৰবি চন্দ্ৰশেখৰৰ আই এ এছ এছ টি চৌহদ পৰিদৰ্শন বনৌষধি উদ্যান মহৰ্ষি চৰক উদ্ধোধন
- আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত বিৰল প্ৰজাতিৰ কাছ মুকলি
- হিৰো মটো কৰ্পৰ চি.এচ.আৰ আঁচনিৰ অধীনত ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদান
- কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন
- মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা- দৰমহাৰ ধনেৰে সাজি দিলে দলীয় কৰ্মকৰ্তাৰ ঘৰ
- এইচ ডি এফ চি বেঙ্কে প্ৰৱঞ্চনাৰ পৰা মুক্ত হোৱাৰ প্ৰসাৰৰ বাবে ‘ভিজিল আণ্টি’ অভিযান আৰম্ভ কৰিছে
- চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন
- জামুগুৰিহাটত ব্যতিক্ৰমী ভাৱে স্বাধীনতা দিৱস উদযাপন
- ৰঙিয়াত মাৰোবাড়ী যুৱ মঞ্চৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰ্ণিল কাৰ্যসূচী ৰূপায়ন