বিভিন্ন জনজাতিৰ ভাষিক সমস্যাৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ “মত-বিনিময়” অনুষ্ঠান

0 248

কালি অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সভাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত অসমৰ জনজাতীয় সাহিত্য সভাৰ বিষয় ববীয়া সমূহৰ লগত আন্তৰিক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুশধৰ শইকীয়া, সম্পাদক যাদৱ শৰ্মা, উপ সভাপতি মালিনী শৰ্মাকে ধৰি অসম সাহিত্য সভাৰ বহুকেইজন কাৰ্যনিৰ্বাহক বিষয়া উপস্থিত থাকে।
অসম সাহিত্য সভাৰ গীত চিৰ চেনেহী মোৰ ভাষা জননী গীতৰ পৰিৱেশনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পিছতে কাৰ্বি, মিছিং, গাৰো সাহিত্য সভা, তিৱা সাহিত্যসভাকে ধৰি অন্যান্য ভাষিক সাহিত্য সভাৰ বিষয়ববীয়া সকলে নিজৰ ভাষা সংস্কৃতি ৰক্ষা, উত্তৰণ, প্ৰাথমিক পৰ্যায়ৰ পৰা জনজাতীয় ভাষা শিকন ওপৰত গুৰুত্বপূৰ্ণ আলোচনা আগৱঢ়ায়।
ইয়াৰ ভিতৰত উল্লেখযোগ্য বিষয় সমূহ হৈছে অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি পৰিপূৰ্ণৰূপত গঢ়ি তুলিবলৈ আৰু নতুন শিক্ষা নীতি তথা চৰকাৰী ভাষা নিখুঁত নিয়াৰীকৈ প্ৰয়োগৰ বাবে ৰাজ্য চৰকাৰক হেঁচা প্ৰয়োগ কৰা, ৰাজ্যখনৰ স্থানীয়, খিলঞ্জীয়া নিৱনুৱাক ১০০ শতাংশ নিয়োগৰ বাবে সুস্থিৰ আৰু ফলপ্ৰসু নিয়োগ নীতি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত পৰম্পৰাগত জ্ঞানৰ সমলসমূহ সংৰক্ষণৰ সম্পৰ্কত আলোচনা হয়।
গুৱাহাটীত কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক দাবী জনোৱাৰ বিষয়েও সভাত আলোচনা হয়। সভাপতি কুলধৰ শইকীয়াই অসমীয়া আৰু বিভিন্ন খিলঞ্জীয়া ভাষাৰ উৎকৃষ্ট গ্ৰন্থসমূহৰ অনুবাদৰ জৰিয়তে প্ৰকৃতাৰ্থত সংস্কৃতি বিনিময় সম্ভৱ বুলি মন্তব্য কৰি তেওঁ সকলো জনজাতীয় সাহিত্য সভাক তেনে পদক্ষেপ গ্ৰহণৰ বাবে আশা প্ৰকাশ কৰিছে। বিভিন্ন ভাষাত প্ৰকাশিত গ্ৰন্থসমূহৰ ডিজিটাইজেনশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে বিজ্ঞানসন্মত সংৰক্ষণ আৰু বহুভাষিক অভিধান প্ৰকাশৰ কথা আলোচনা কৰে।

Leave A Reply

Your email address will not be published.