কেন্দ্ৰীয় বন্দৰ ,জাহাজ পৰিবহন আৰু জলপথ আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মিজোৰামৰ আইজলত অনুষ্ঠিত বাণিজ্য উৎসৱ,ভাৰতক উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰে।ভাৰতৰ স্বাধীনতা ৭৫ বছৰ উদযাপনৰ সৈতে সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে এই বাণিজ্য উৎসৱ অনুষ্ঠিত কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰি সীমান্ত ৰাজ্য খনৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামৰ বিশাল প্ৰাকৃতিক সম্পদ, মনোৰম সৌন্দৰ্য আৰু কৌশলগত অৱস্থানে বিকাশৰ গতিক ত্বৰাম্বিত কৰাৰ থল আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বলিষ্ঠ নেতৃত্বত ৰাজ্য খনে নিশ্চিতভাৱে প্ৰগতি আৰু পৰিবৰ্তনৰ নতুন শিখৰত উপনীত হ’ব।বাণিজ্য উৎসৱ এই উদ্বোধনী অনুষ্ঠানত মিজোৰামৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ড° আৰ লালথানগ্লিয়ানা,ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ প্ৰতিনিধি আৰু মিজোৰামৰ জ্যেষ্ঠ চৰকাৰী বিষয়া সকল উপস্থিত আছিল।
Trending
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
- এন চি চিৰ এডভান্স লীডাৰশ্বিপ কেম্প আৰম্ভ
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস