খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ পৰ্যালোচনা অৰ্থে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা,জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত,অতিৰিক্ত উপায়ুক্ত সকল তথা চৰকাৰী শীৰ্ষ বিষয়া সকল উপস্থিত থকা এই সভাত উপায়ুক্তই অহা দুদিনৰ ভিতৰত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লোৱা খানাপাৰাৰ খেলপথাৰত আৰক্ষী ,অৰ্ধসামৰিক বাহিনীৰ উপৰিও সংশ্লিষ্ট বিভাগ সমূহৰ কৰণীয় সকলো কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰাপত্তা ,অনাময় ব্যৱস্থা, চাফ- চিকুনতা ,খোৱাপানী যোগানৰ উপৰি আসন আৰু মঞ্চৰ ব্যৱস্থাপনা ,চিকিৎসা ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপায়ুক্ত গিৰাকীয়ে সকলো বিভাগকে আসোঁৱাহ নথকাকৈ কাম সমূহ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে ক’ভিড নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ক’ভিডৰ বাবেই কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা নহয়।আনহাতে, ক’ভিড পৰিপ্ৰেক্ষিতত এইবাৰ মুক্তি যুঁজাৰু সকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ ঘৰতে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Trending
- লায়নচ ক্লাব অব গুৱাহাটী উমঙৰ উদ্যোগত লাৰিকা গ্ৰীন হেমলেত বঙৰাত বৃক্ষ ৰোপন
- ধেমাজিৰ পানবাৰীত আহত সকলৰ ওচৰত উপস্থিত মন্ত্রী সঞ্জয় কিষাণ
- NRL celebrates World Environment Day 2023 at Bogidhala VGR, Sumoni
- মেধাবী সত্যজিতৰ সাফল্যত গৌৰবাম্বিত সোৱণশিৰি বাসী
- বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন
- লখিমপুৰ জিলাত শিক্ষানুষ্ঠানৰ সময়সূচী সলনি
- চৰাইদেউত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- Meghalaya CM Conrad K Sangma unveils a suite of progressive welfare schemes for the People of Meghalaya
- কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি
- ঢকুৱাখনা জলসম্পদ সংমণ্ডলত একেদিনাই ২৬ কৰ্মচাৰীৰ যোগদান