পথাৰত ধান ৰুবলৈ ৰোৱনীৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছিলো।যাৰ বাবে কঠিয়া ৰুব পৰা যন্ত্ৰটো উদ্ভাৱন কৰো।এই মন্তব্য মৰিগাঁৱৰ যুৱক ৰাজেন দাসৰ।অসমীয়াত এষাৰ কথা আছে অভাৱেই আৱিস্কাৰৰ মূল।ৰাজেন দাসৰ ক্ষেত্ৰটোও এনে হ’ল ,ৰোৱনীৰ অভাৱৰ তাড়নাতে ৰাজেন দাসে এই বিশেষ যন্ত্ৰটো উদ্ভাৱন কৰিলে।কাঠ, বাঁহ,গজাল আৰু এনেধৰণৰ কিছু সৰু সুৰা সামগ্ৰীয়ে প্ৰায় ৯মাহ জোৰা প্ৰস্তুতিৰ অন্তত কঠীয়া ৰোৱা যন্ত্ৰটো উদ্ভাৱন কৰে।ৰাজেন দাসৰ মতে এই যন্ত্ৰটোৰ সহায়ত কেবাজনী ৰোৱনীয়ে কৰাৰ কাম এবাৰতে সমাপন কৰিব পাৰি ।অৱশ্যে এই যন্ত্ৰটো পৰীক্ষণমূলকভাৱেহে ৰাজেন দাসে সাজি উলিয়াইছিল।বৰ্তমানে এনেধৰণৰ যন্ত্ৰ বিচাৰি বহুতে তেখেতক যোগাযোগ কৰিছে।জানিব পৰা মতে মৰিগাঁও জিলাত অলপতে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত এই যন্ত্ৰটো প্ৰদৰ্শিত হৈছিল ।একাধিক ৰোৱনীৰ অভাৱ পূৰণ কৰিব পৰা এই যন্ত্ৰটোৰ উদ্ভাৱনে নিসন্দেহে আশাৰ বতৰা কঢ়িয়াই আনিছে ।
Trending
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল