কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত

0 332

সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা National Eligibility Cum Entrance Test (NEET) পৰীক্ষা ৰাজ্যখনৰ অন্যান্য পৰীক্ষা কেন্দ্ৰসমূহৰ লগতে আজি তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি অাই এম টি, তেজপুৰ পৰীক্ষাকেন্দ্ৰতো অনুষ্ঠিত হয়। পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষাকেন্দ্ৰ চৌহদত উপস্থিত থকা অভিভাৱক সকলৰ সহায়ক হোৱাকৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এখনি অাকৰ্ষণীয় কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয়। দিনৰ ২:৩০ বজাৰ পৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সভাখনত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ অাগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাজ্যখনৰ অাগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে। অনুষ্ঠানটোত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে অাগ্ৰহী অভিভাৱকসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান অাগবঢ়ায়, লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে অাগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে। এম বি বি এছ (MBBS) পাঠ্যক্ৰমৰ উপৰিও চিকিৎসা খণ্ডৰ অন্যান্য পাঠ্যক্ৰম বি ডি এছ, আয়ু্ৰ্বেদিক, হোমিঅ’পেথিক, ফাৰ্মাচী, নাৰ্ছিং ছায়েঞ্চ আদিৰ বিষয়ে বিতংকৈ আলোচনা কৰাৰ লগতে চিকিংসাৰ লগত জড়িত কেৰিয়াৰ মেডিকেল ৰিপ্ৰিজেণ্টেটিভ অাদিৰ বিষয়েও তেওঁ বিশদ বাখ্যা আগবঢায়।

Leave A Reply

Your email address will not be published.