নেহেৰু যুৱ কেন্দ্রৰ নগাঁৱৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন স্বাস্থ্য সেৱা জনকল্যাণ পৰিষদৰ সহযোগত নগাঁৱৰ ধূপগুৰি কলনি বস্তিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা খণ্ড পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰে।যোৱা ৩ ফেব্ৰুৱাৰীত ধূপগুৰি কলনি বস্তি আঞ্চলিক পৰিষদৰ সভাপতি মন্তু বৰুৱা আৰু উচমান গনি জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰফিকুল ইছলামে শুভাৰম্ভণি কৰা অনুষ্ঠানৰ পাছতে গছপুলি ৰোপণ আৰু স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।পৰৱৰ্তী কাৰ্যসূচীত খণ্ড পৰ্যায়ত খেল ধেমালিত দৌৰ,পুখুৰী পাৰ,ভলীবল,হাই জাম্প,লং জাম্প,বেডমিণ্টন আদি প্ৰতিযোগিতাত কদমনি,বটদ্ৰৱা,ধূপগুৰি,টুকটুকী,চলাপথাৰ,ৰামপুৰ,ডুমডুমিয়া,ধনীয়াভেটি,আমলখি,চহৰীয়া,শলগুৰি আদি অঞ্চলৰ দুই শতাধিক যুৱক যুৱতীয়ে অংশগ্রহণ কৰে।খেল ধেমালিৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত অধ্যক্ষ ৰফিকুল ইছলাম,শিক্ষক ফুৰকান আলী চৌধুৰী,ছাহজাহান আলী,জিয়াবুৰ ৰহমান,ৰহুল আমিন খণ্ডকাৰ,মাইন উদ্দিন,ফকৰ উদ্দিন আলী আহমেদ,সাংবাদিক দিব্যজ্যোতি বৰুৱা,মন্তু বৰুৱা,সম্পাদক মফিদুল ইছলাম,নেহেৰু যুৱ কেন্দ্রৰ স্বেচ্ছাসেৱক নাজিৰুল ইছলাম,ইনামুল হক,দিলদাৰ হুছেইন,আজমল কবিৰকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি