প্ৰসিদ্ধ কবি হীৰেণ ভট্টাচাৰ্যৰ নামত উৎসৰ্গিত ফেচবুক গোষ্ঠী *সুগন্ধি পখিলাই সাহিত্য ,সংস্কৃতিৰ চৰ্চাৰ লগতে এই গোটৰ প্ৰথম দাতব্য কাৰ্যসূচী হিচাপে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ক`ৰণা মহামাৰীয়ে জুৰুলা কৰা আৰ্তজনক আজি ১০ জুনত এমুঠি অন্ন বিতৰণ কৰে। আজি দিনৰ এঘাৰ বজাত মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰত এই সমাজ সেৱামূলক কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা তিনি গৰাকী ব্যক্তি প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিত ভূঞা, বিশিষ্ট সাংবাদিক-গীতিকাৰ-সুৰকাৰ মণি মহন্ত আৰু বিশিষ্ট সংগীত শিল্পী ধীৰাজ দাসে এই অন্নদানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।’সুগন্ধি পখিলাৰ প্ৰধান উদ্যোক্তা প্ৰশান্ত শৰ্মা আৰু নীৰৱ জোনাকৰ লগতে ভালেমান সদস্যৰ বৰঙণিৰে আয়োজিত এই অনুষ্ঠানত কেইবাশও অভাবী আৰু পদপথ বাসী লোকক দুপৰীয়াৰ ভাতসাজ আৰু একোখনকৈ মাস্ক প্ৰদান কৰা হয়। আৰম্ভণী অনুষ্ঠানত ক’ভিড প্ৰতিৰোধী বিধি মানি আয়োজক ফে’চবুক গোষ্ঠীটোৰ ভালেকেইগৰাকী সদস্যইও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তাৰ পাছত মহানগৰীৰ বিভিন্ন ঠাইত গোষ্ঠীটোৱে অনুৰূপ কাৰ্যসূচী সম্পন্ন কৰে। গোষ্ঠীটোৱে ক’ভিড পৰিস্থিতিত খাদ্যাভাৱত ভোগা বশিষ্ঠ মন্দিৰ চৌহদৰ কপিকুলকো আহাৰ খাবলৈ দিয়ে ।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing