প্ৰসিদ্ধ কবি হীৰেণ ভট্টাচাৰ্যৰ নামত উৎসৰ্গিত ফেচবুক গোষ্ঠী *সুগন্ধি পখিলাই সাহিত্য ,সংস্কৃতিৰ চৰ্চাৰ লগতে এই গোটৰ প্ৰথম দাতব্য কাৰ্যসূচী হিচাপে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ক`ৰণা মহামাৰীয়ে জুৰুলা কৰা আৰ্তজনক আজি ১০ জুনত এমুঠি অন্ন বিতৰণ কৰে। আজি দিনৰ এঘাৰ বজাত মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰত এই সমাজ সেৱামূলক কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা তিনি গৰাকী ব্যক্তি প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিত ভূঞা, বিশিষ্ট সাংবাদিক-গীতিকাৰ-সুৰকাৰ মণি মহন্ত আৰু বিশিষ্ট সংগীত শিল্পী ধীৰাজ দাসে এই অন্নদানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।’সুগন্ধি পখিলাৰ প্ৰধান উদ্যোক্তা প্ৰশান্ত শৰ্মা আৰু নীৰৱ জোনাকৰ লগতে ভালেমান সদস্যৰ বৰঙণিৰে আয়োজিত এই অনুষ্ঠানত কেইবাশও অভাবী আৰু পদপথ বাসী লোকক দুপৰীয়াৰ ভাতসাজ আৰু একোখনকৈ মাস্ক প্ৰদান কৰা হয়। আৰম্ভণী অনুষ্ঠানত ক’ভিড প্ৰতিৰোধী বিধি মানি আয়োজক ফে’চবুক গোষ্ঠীটোৰ ভালেকেইগৰাকী সদস্যইও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তাৰ পাছত মহানগৰীৰ বিভিন্ন ঠাইত গোষ্ঠীটোৱে অনুৰূপ কাৰ্যসূচী সম্পন্ন কৰে। গোষ্ঠীটোৱে ক’ভিড পৰিস্থিতিত খাদ্যাভাৱত ভোগা বশিষ্ঠ মন্দিৰ চৌহদৰ কপিকুলকো আহাৰ খাবলৈ দিয়ে ।
Trending
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’