ৰাজ্য চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডত আজি দিনজোৰা কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন কৰা হয় । এই উপলক্ষে চানমাৰিস্থিত ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে গান্ধীজীৰ প্ৰতিমূৰ্তিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মাল্যাৰ্পণ কৰাৰ লগতে জাতিৰ পিতালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্র ইত্যাদি বিভাগৰ মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মহামানৱ মহাত্মা গান্ধীৰ অতুলনীয় জীৱন দৰ্শনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । তেওঁ ভাষণ প্ৰসংগত কয় যে গান্ধীজীৰ আদৰ্শ আৰু চিন্তা আগত লৈ নৱভাৰতৰ প্ৰতিগৰাকী নাগৰিকে আগবাঢি যোৱা উচিত । মহাত্মা গান্ধী অকল স্বাধীনতা সংগ্ৰামৰ নেতাই নাছিল,তেওঁ যথাৰ্থতে আছিল দেশ আৰু সমাজৰ সকলোৰে বাবে হিত চিন্তা কৰা এগৰাকী প্ৰকৃত মানৱতাবাদী, মহান দাৰ্শনিক। আজিৰ অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ড° কমলা কলিতা,উপাধ্যক্ষ হৰেণ দেউৰী ,হস্ত তাঁত আৰু ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰা ,খাদী ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া বুবুল লেখাৰু ,ৰেচম বিভাগৰ সঞ্চালক কাজৰী ৰাজখোৱাসহ বিভাগ আৰু ব’ৰ্ডৰ অন্যান্য বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়