প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত দৰ্শনৰ সমান্তৰাল ভাৱে অসমকো আগুৱাই নিবলৈ মুখ্যমন্ত্রীৰ নেতৃত্বত অসম চৰকাৰে আগ্ৰাসী মনোভাৱেৰে কাম কৰি আছে-খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত লঘূ উদ্যেগ ভাৰতী পূৰ্বোত্তৰ সৌজন্যত আয়োজিত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলাৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি অংশগ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্টলক্ষ্মী উত্তৰ-পূৰ্বাঞ্চল আজি বিশ্বৰ বিনিয়োগ কাৰীৰ বাবে এক আকৰ্ষণৰ ক্ষেত্ৰ হৈ পৰা বুলি উল্লেখ কৰি উদ্যোগ মন্ত্ৰী বড়াই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক স্থিতি ইমানেই সূচল যে তিনিৰ পৰা চাৰি ঘন্টাৰ বিমান যাত্ৰাৰে দক্ষিণ পূব এছিয়াৰ ৩০শতাংশ স্হান সামৰিব পাৰি।
ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ খণ্ডই ৰাজ্য তথা দেশৰ অৰ্থনীতিৰ বিকাশত এক প্ৰধান ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী বড়াই এডভান্টেজ অসম ২.০ আৰু জাগীৰোডৰ টাটাৰ ছেমী কণ্ডাক্টৰ উদ্যোগে অসমৰ ঔদ্যোগিক মানচিত্ৰখন সলনি কৰি দিয়াৰ পৰিৱেশ সৃষ্টি কৰা বুলিও কয়।
অহা ২নবেম্বৰলৈ চলিব লগা ভাৰত ঔদ্যোগিক মেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী শোভা কাৰণ্ডলাজেই এম এছ এম ই খণ্ডক সঠিক ৰূপত আগবঢ়াই নিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি শেহতীয়া ভাবে দেশৰ ১৩হেজাৰ এম এছ এম ইক কেন্দ্রীয় চৰকাৰে ৰাজ সাহায্য সহ আৰ্থিক সাহায্য আগবঢ়োৱা বুলি কয়।উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত খাদ্য সংসাধন উদ্যোগৰ সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্রীয় মন্ত্রী গৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ এই পণ্য লৈ যোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়।
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ ৰাজ্যৰ তিনি শতাধিক ক্ষুদ্ৰ উদ্যোগীয়ে অংশ গ্ৰহণ কৰা এই মেলাৰ উদ্ধোধনী অনুষ্ঠানত লঘূ উদ্যোগ ভাৰতীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ওম প্ৰকাশ গুপ্তা, লঘূ উদ্যোগ ভাৰতীৰ অসম প্ৰান্তৰ সভাপতি পাৰ্থ প্ৰতীম পাঠকেও ভাষণ প্ৰদান কৰে।সভাত উদ্যোগ বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ জে বি এক্কাও উপস্থিত আছিল।