বিষ্ণুপ্ৰিয়া মণিপুৰী শ্বহীদ কুমাৰী সুদেষ্ণা সিনহাৰ ২৭ তম্ শ্বহীদ দিৱস আজি গকুলানন্দ গীতিস্বামী কলাকৃষ্টি কেন্দ্ৰ আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ যুটীয়া উদ্যোগত খানাপাৰাৰ উদয়নগৰৰ শ্ৰীশ্ৰী গোবিন্দ মন্দিৰ সেৱাশ্রম কলাকৃষ্টি কেন্দ্রত অনুষ্ঠিত হয়। আৰম্ভণিতে ভাষা শ্বহীদ কুমাৰী সুদেষ্ণা সিনহাৰ স্থিৰ চিত্ৰত সামূহিকভাৱে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ অন্তত অনুষ্ঠিত মুকলি সভাত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ ৰচিত গ্ৰন্থ “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” উন্মোচন কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই কয় : নিজ মাতৃভাষাৰ বুৰঞ্জী জনাটো নিতান্তই প্ৰয়োজন। সকলো জাতি- জনজাতি- উপজাতিৰে বুৰঞ্জী প্ৰকাশ হ’ব লাগে। দিলস্ লক্ষ্মীন্দ্ৰ সিংহ ৰচিত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনি মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।” সাংবাদিক, লেখক দীপক শৰ্মাই আৰু কয়- ‘ভাষা জনাটো প্ৰয়োজন। ভাষা জানিলে সমন্বয় বাঢ়ে। সংহতি স্থাপন হয়। একতাৰ এনাজৰিডাল নিকপকপীয়া হয়। নদীৰ প্ৰবাহমান গতিৰ দৰে ভাষাক আগুৱাই নিবৰ বাবে আমি সকলোৱে অহোপুৰুষাৰ্থ কৰিব লাগে। ইতিহাস জানিলে জাতি জীয়াই থাকে।” বিজন সিনহা আৰু প্ৰদীপ সিনহাই আঁত ধৰা সভাত হাফলঙৰ গুণজুং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ননীবাবু সিনহা, মিজোৰামৰ ৰুলচম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপ চন্দ্র সিংহ, কৰিমগঞ্জৰ কবি, লেখিকা সুচৰিতা সিনহা, চলচ্চিত্র পৰিচালক হীৰেন্দ্ৰ সিংহ, বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ উপ-সভাপতি শংখ সিংহ, ত্ৰিপুৰা প্ৰদেশ বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ সভাপতি নিৰঞ্জন সিংহ, ত্ৰিপুৰাৰ সমাজসেৱী পৰিতোষ সিংহ, অসম প্ৰদেশ বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ সভাপতি নৰেন্দ্ৰ সিংহ বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে।
Trending
- পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে বিহুমঞ্চত পৰিবহণ বিভাগৰ ব্যতিক্ৰমী অনুষ্ঠান
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মুট কোর্ট প্রতিযোগিতা সম্পন্ন
- পশ্চিম গুৱাহাটীৰ ৰাণীৰ পাৰ্শ্ববৰ্তী পাথৰখামাৰ উমচাও গাঁৱত ৰাভা জনগোষ্ঠীৰ মহিলাৰ পৰম্পৰাগত বিহু উদযাপন
- গুৰুজনাৰ অমৰ সৃষ্টিক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ প্ৰয়াস – লণ্ডনৰ মৃদুস্মিতা দাস বৰাৰ নেতৃত্বত তিনিজনীয়া অসমীয়া শিল্পী দলৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন
- Farmers Mobilization & Awareness Programme held in Serchhip, Mizoram
- ৰাণীত ফুলৰ খেতিৰে পুষ্প বিপ্লৱ আনিছে দম্পতি হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই
- India is emerging as an oasis in a turbulent world: NSE MD & CEO Shri Ashishkumar Chauhan
- Cotton University, NECTAR and St. Anthony’s College Collaborate to conduct Geospatial Learning in Shillong-10-Day Training Module on GIS and Remote Sensing Inaugurated at St. Anthony’s college
- অসমৰ সুগন্ধি জহা চাউলৰ সোৱাদ ল’ব ভিটেনায়মে, অসমৰ বিখ্যাত জহা চাউল ভিয়েটনামলৈ ৰপ্তানি
- টপচেম চিমেন্টৰ দ্বাৰা বৃদ্ধাশ্রম আৰু শিশু যত্ন গৃহত আয়োজিত বাৰ্ষিক বিহু উদযাপনৰ কাৰ্য্যসূচী আজিৰে পৰা শুভাৰম্ভ