খানামুখত অনুষ্ঠিত হ’ল বিহুৰ আখৰা

0 205

সমাগত লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্যৰ আকাশ বতাহ ৰাজনৈতিক উভয়ৰে উজ্জীৱিত হৈ থকাৰ মাজতে কিছুদিন পাছতে আহিব লগীয়া অসমীয়া জাতিৰ অতি আদৰৰ হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে অসমৰ ৰাইজ।নিৰ্বাচনী তৎপৰতা ব্যস্ততাৰ মাজতো শদিয়াৰ পৰা ধুবুৰীলৈ শিল্পীকে ধৰি সাধাৰণ ৰাইজে ব্যস্ত হৈ পৰিছে ৰঙালী বিহুলৈ‌ তেনেদৰে ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ কেহেৰুৱাবাৰীটো সমাগত ৰঙালী বিহুক লৈ বিহুৰ আখৰা আৰম্ভ হৈছে। আখৰাৰ তত্বাৱধান কৰিছে শিল্পী ভাতৃদ্বয় ৰুবুল বৈশ্য আৰু বুবুল বৈশ্যই। এই আখৰাত অঞ্চলটোৰ কিছুসংখ্যক শিশুৱে ভাগ লৈছে আৰু তাৰে দুজনমান নিৰ্বাচিত শিশু ৰূপী বিহুৱা আৰু নাচনীয়ে বিহুৰ পোছাক পৰিধান কৰা দৃশ্যই সকলোকে আপ্লুত কৰিছে। উল্লেখ্য যে, এগৰাকী নৃত্যশিল্পী হিচাপে সুনাম থকা বুবুল বৈশ্যৰ তত্বাবধানত আৰু পৰিচালক অঞ্চলটোৰ কেইবাটাও শিল্পীৰ দলে মঞ্চত অনুষ্ঠান পৰিবেশন কৰি দৰ্শকৰ ভুয়সী প্ৰশংসা লাভ কৰিছে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে

Leave A Reply

Your email address will not be published.