গুৱাহাটীৰ লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত আৰু খানাপাৰাৰ ডায়েৰী গেটস্থিত ব্ৰীথ চুপাৰ স্পেচিয়েলিটি ক্লিনিক এণ্ড ডায়েগ্ননষ্টিকৰ সহযোগত আজি খানামুখৰ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰৰ সামূহিক গৃহত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰটো মুকলি কৰে খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটীৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাই। আনহাতে এই উপলক্ষে অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত যাদৱ চন্দ্ৰ কলিতাই ভাষণ প্ৰসংগত এনে ধৰণৰ শিবিৰ খানামুখত অনুষ্ঠিত কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালবিকা কলিতাৰ, খানামুখ মহিলা সমিতিৰ কৰ্মকৰ্তা ক্ৰমে জোৎস্না কলিতা, জুমি কলিতা, নৱনীতা কলিতা, নীলিমা কলিতা, সীমা কলিতা, জ্যেষ্ঠ সাংবাদিক তথা পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি জয়ন্ত কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে শিবিৰত ডাঃ মৃত্যুঞ্জয় মেধি, ডাঃ চাহিল হুছেইনৰ নেতৃত্বত এটা চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দলে পুৰুষ – মহিলা নিৰ্বিশেষে,৬০ জনৰো অধিক লোকক সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে বহু সাধাৰণ ৰোগ বা সৰু – সুৰা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি সেই সম্পৰ্কে বাখ্যা দাঙি ধৰে।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে