শেহতীয়াকৈ খেলৰত্ন বঁটাক ‘মেজৰ ধ্যান চান্দ খেলৰত্ন’ বঁটা নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজীৱ গান্ধীৰ পৰিৱৰ্তে মেজৰ ধ্যানচান্দৰ নামেৰে প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন বটাঁ’। শুক্ৰবাৰে এই কথা ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে মোডীয়ে উল্লেখ কৰে যে, ‘ক্ৰীড়াক্ষেত্ৰই সমগ্ৰ দেশক গৌৰাৱান্বিত কৰাৰ সময়তে দেশবাসীয়ে খেলৰত্ন বঁটাক মেজৰ ধ্যানচান্দৰ নামত সমৰ্পিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। দেশবাসীৰ ইচ্ছাক সন্মান জনাই ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক ‘মেজৰ ধ্যান চান্দ খেলৰত্ন’ বঁটা নামেৰে নামাকৰণ কৰা হ’ল’।উল্লেখ্য যে মেজৰ ধ্যান চান্দ আছিল হকীৰ যাদুকৰ। ১৯৯১-৯২ চনৰ পৰাই দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন বটাঁ’ প্ৰদান কৰি অহা হৈছে। এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল দবাখেলুৱৈ বিশ্বনাথন আনন্দ। ইয়াৰ পৰৱৰ্তী সময়ত লিয়েণ্ডাৰ পেজ, শচীন টেণ্ডুলকাৰ, ধনৰাজ পিল্লাই, অভিনৱ বিন্দ্ৰা, অঞ্জু ববি জৰ্জ, মেৰী কম আৰু ৰাণী ৰামপাল আদিয়ে এই বঁটা লাভ কৰে।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ