চলিত বৰ্ষৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) ১৪ জন কেডেট আৰু ১০ জন সহযোগী এন চি চি বিষয়াক আজি অসমৰ ৰাজভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । ৰাজভৱনৰ সভাগৃহত এন চি চি কেডেট আৰু বিষয়াক সম্বৰ্ধনা জনাই অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে চমু ভাষণত দেশৰ অন্যতম সুসংগঠিত যুৱ শক্তি হিচাপে পৰিচিত এন চি চিয়ে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি সদৰি কৰি কেডেট সকলে যাতে নিজৰ অভিজ্ঞতাৰ সুপ্ৰয়োগ কৰি সামৰিক , অৰ্দ্ধ সামৰিক , আৰক্ষী বাহিনীত নিজৰ যোগ্যতা – দক্ষতাৰে ভৰ্ত্তি হৈ দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানত উপস্থিত থাকি এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই অসমত এন চি চিৰ শেহতীয়া স্থিতিৰ বিষয়ে ৰাজ্যপালক অৱগত কৰে । অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰ , ৪৭ ৰাইডিং এণ্ড ভেটেনাৰী এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল সশমীৰ ভাটনগৰকে ধৰি কেবাজনো সেনা বিষয়া , ৰাজ্যপালৰ প্ৰধান সচিব মিনাক্ষী সুন্দৰম , সচিব স্বপ্না দত্ত , উপ সচিব গীতাৰ্থ বৰুৱাকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে পূৰ্বতে অনুষ্ঠিত হবলগীয়া সম্বৰ্ধনা অনুষ্ঠানটো কেবামাহ পাছত অনুষ্ঠিত কৰিবলগীয়া হয়।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা