মহামানৱ মহাত্মা গান্ধীৰো বিজ্ঞানৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছিল। সেই কথা আমি বহুতেই নাজানো। সেয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত জনপ্ৰিয়কৰণ কৰাৰ উদ্দেশ্যৰে আজি আঞ্চলিক বিজ্ঞান কেন্দ্ৰত মুকলি হ’ল গান্ধী আৰু বিজ্ঞান শীৰ্ষক এখন প্ৰদৰ্শনী ।প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে এ এচ টি ই চিৰ সঞ্চালক ডক্টৰ অৰূপ কুমাৰ মিশ্ৰই।উল্লেখযোগ্য যে এই প্ৰদৰ্শনীখনত গান্ধী জীৱন আৰু বিজ্ঞানৰ লগত সম্পৰ্কিত বহু চিত্ৰ প্ৰদৰ্শিত হৈছে।গান্ধীজীয়ে কাৰাগাৰত থকা সময়খিনিত কিদৰে জ্যোতি বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ জ্যোতি বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ জ্যোতি বিজ্ঞান চৰ্চা কৰিছিল, প্ৰকৃতিৰ লগত সম্পৰ্কিত হৈ প্ৰকৃতিয়ে জীৱন সজাইছিল, বৈজ্ঞানিক জগদীশ চন্দ্ৰ বসু আৰু আইনষ্টাইন লগত থকা সম্পৰ্ক চিত্ৰৰ জৰিয়তে প্ৰদৰ্শিত হৈছে।স্মতব্য যে প্ৰদৰ্শনী উন্মোচনী অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
Trending
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল
- দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
- জনসজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন
- পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন -লাইখুটা স্থাপন