গামোচাৰে চহকী কৰা এটা অঞ্চল

0 245

অসম আৰু অসমীয়াৰ মান – স্বভিমানৰ প্ৰতীক গামোচা। গামোচাৰ আছে বিশ্বজনীন এক পৰিচয়। বিহুৰ সময়ত গামোচাৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। কিন্তু দুখৰ বিষয় যে বাৰে বাৰে বিহুৰ সময়ত চালানী গামোচাই বজাৰ ভৰি পৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই হস্তক্ষেপ কৰিবলগীয়া হয়। এনে সময়তে তিনিচুকীয়া জিলাৰ মাটিয়েখনাৰ অঞ্চলৰ মহিলা- যুৱতী সকলে গামোচাক এক নতুনৰ দিশে আগবঢ়াই নিয়াৰ কাৰ্য্যৰ বাবে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে।

প্ৰিয় পাঠক, Nefocus.com য়ে সদায় ইতিবাচক খবৰৰ সন্ধানত যাত্ৰা আৰম্ভ কৰে। আজিও অলপো ব্যতিক্ৰম নোহোৱাকৈ আপোনাক দিব বিচাৰিছো এনে এক খবৰ। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ১৮ কি: মি: নিলগত মাটিয়েখনা নামৰ এটা অঞ্চল অৱস্থিত। জানিব পৰা মতে এই মাটিয়েখনা অঞ্চলত দুখনকৈ গাঁও আছে। জানি সুখী হ’ব যে প্ৰায় ৯০০ ঘৰ মানুহৰ বসতিপ্ৰধান অঞ্চলটোত প্ৰত্যেকঘৰ মানুহৰ জীয়ৰী বোৱাৰীয়ে বয়ন শিল্পৰ লগত জৰিত হৈ আছে। বিশেষকৈ বিহুৰ সময়ত মাকো খিটখিটনি প্ৰত্যেক মানুহৰ ঘৰতে শুনা যায়। উল্লেখযোগ্য যে এইবাৰ প্ৰায় ৩০০০ গামোচা এই অঞ্চলৰ মহিলা সকলে বৈ উলিয়াইছে।

এই সম্পৰ্কে মাটিয়েখনা অঞ্চলৰ মৃদুল হাজৰিকাই এনেদৰে কয় – এই যে পৰম্পৰাৰ কথা জানিব পাৰিছে এয়া বহু পুৰণি। পূৰ্বৰ তুলনাত অঞ্চলৰ জীয়ৰী বোৱাৰীয়ে কাপোৰ বোৱা কাৰ্য্যটো বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হ’ল আত্মসহায়ক গোটৰ উপস্থিতি। কোনোৱে যদি ব্যৱহাৰৰ বাবে কাপোৰ বয়, আন কোনোৱে বিক্ৰীৰ বাবে কাপোৰ বয়। গাৱত মেল মিটিঙ হ’লে বজাৰৰ গামোচা ব্যৱহাৰ কৰা নহয়। এই নীতি ওচৰ পাজৰৰ গাঁওবাসীয়ে গ্ৰহণ কৰিছে। সাধাৰণতে সূতাৰ গামোচা বয় যদিও সময়ে সময়ে পাটৰ, মুগাৰ গামোচাও বয়। প্ৰতিখন গামোচাৰ নুন্যতম মূল্য ১৫০ টকাৰ পৰা ৩০০০ টকালৈকে আছে।

বিহুৰ সময়ত মাটিয়েখনাৰ বাসীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক সচেতন মহলে প্ৰশংসা কৰিছে। এনে ধৰণৰ ইতিবাচক খবৰৰ বাবে লগ ইন কৰিব www.nefocus.com

সহযোগ কৰিলে –
তিনিচুকীয়াৰ পৰা সূৰজ দাসে

Leave A Reply

Your email address will not be published.