মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱ তেৰাৰ জন্মভূমি বটদ্রৱা থানত মঙলবাৰৰ পৰা আৰম্ভ হৈছে।বুধবাৰে পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আই সকলৰ নাম, পুৱা প্রসংগ, ডেৰপৰীয়া প্ৰসংগ আদি বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীৰ মাজেৰে শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰে।পুৱাৰে পৰা ভক্ত বৈষ্ণৱে হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়। দুপৰীয়া বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখৰ পৰা আৰম্ভ হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।গুৰুআসন, ভাগৱত, গায়ন -বায়ন, নাম-কীৰ্ত্তন, কৃষ্ণ- শিৱ, ৰাম-লক্ষ্মণ-সীতা আদি বিভিন্ন চৰিত্ৰৰ ভাৱৰীয়াৰ সৈতে অৰ্ধ শতাধিক সৰু বৰ বাহনেৰে আৰম্ভ কৰা শোভাযাত্ৰাই বটদ্ৰৱা, ভেটিয়নী, ভোমোৰাগুৰি, ৰাইডঙীয়া, কৰচোং, চকলাঘাট,হাতীচোং,বেবেজীয়া, জাজৰি,নসত্ৰ হৈ শলগুৰি সত্ৰৰে আহি বিয়লি বটদ্ৰৱা থানত সামৰণি মাৰে।ইফালে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত- বৈষ্ণৱ, দৰ্শনাৰ্থীৰ আগমন ঘটিছে পৱিত্ৰ বটদ্ৰৱা থানলৈ। গুৰু বন্দনা, হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে বটদ্ৰৱা থান।জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে কীৰ্তনঘৰ, দৌলমন্দিৰ, পদশিলাত ভক্তই বন্তি,শৰাই আগবঢ়াই সেৱা আগবঢ়োৱাত হৰি নাম ভকতিৰ ৰসত বৈকুন্ঠ পুৰীলৈ পৰ্যবসিত হৈ পৰে বটদ্ৰৱা থান।
Trending
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ২০২৪ সেৱা কাৰ্যসূচীৰ সামৰণি
- ধুবুৰীৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী হাজৰীকাৰ, জৰুৰীকালীন খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ আশ্বাস
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মধ্য, দক্ষিণ, দক্ষিণ-পূব এছিয়াৰ আন্তর্জাতিক সম্মিলনৰ আয়োজন
- শ্ৰদ্ধাঞ্জলি কাননত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ব্যতিক্ৰমী কাৰ্যসূচী
- জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- সমন্বয়ৰ প্ৰতীক প্ৰাঞ্জল প্ৰতিম বৰাৰ কথাৰে
- দেশজুৰি প্ৰযোজ্য হ’ব এক ৰাষ্ট্ৰ, এক শিক্ষাৰ্থী ফৰ্মূলা, পামহী মইনাখোৰোং মজলীয়া বিদ্যালয়ত ইউনিক ইনফ’ ছলিউচনৰ সজাগতা সভা
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস