মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱ তেৰাৰ জন্মভূমি বটদ্রৱা থানত মঙলবাৰৰ পৰা আৰম্ভ হৈছে।বুধবাৰে পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আই সকলৰ নাম, পুৱা প্রসংগ, ডেৰপৰীয়া প্ৰসংগ আদি বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীৰ মাজেৰে শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰে।পুৱাৰে পৰা ভক্ত বৈষ্ণৱে হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়। দুপৰীয়া বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখৰ পৰা আৰম্ভ হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।গুৰুআসন, ভাগৱত, গায়ন -বায়ন, নাম-কীৰ্ত্তন, কৃষ্ণ- শিৱ, ৰাম-লক্ষ্মণ-সীতা আদি বিভিন্ন চৰিত্ৰৰ ভাৱৰীয়াৰ সৈতে অৰ্ধ শতাধিক সৰু বৰ বাহনেৰে আৰম্ভ কৰা শোভাযাত্ৰাই বটদ্ৰৱা, ভেটিয়নী, ভোমোৰাগুৰি, ৰাইডঙীয়া, কৰচোং, চকলাঘাট,হাতীচোং,বেবেজীয়া, জাজৰি,নসত্ৰ হৈ শলগুৰি সত্ৰৰে আহি বিয়লি বটদ্ৰৱা থানত সামৰণি মাৰে।ইফালে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত- বৈষ্ণৱ, দৰ্শনাৰ্থীৰ আগমন ঘটিছে পৱিত্ৰ বটদ্ৰৱা থানলৈ। গুৰু বন্দনা, হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে বটদ্ৰৱা থান।জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে কীৰ্তনঘৰ, দৌলমন্দিৰ, পদশিলাত ভক্তই বন্তি,শৰাই আগবঢ়াই সেৱা আগবঢ়োৱাত হৰি নাম ভকতিৰ ৰসত বৈকুন্ঠ পুৰীলৈ পৰ্যবসিত হৈ পৰে বটদ্ৰৱা থান।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram