মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱ তেৰাৰ জন্মভূমি বটদ্রৱা থানত মঙলবাৰৰ পৰা আৰম্ভ হৈছে।বুধবাৰে পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আই সকলৰ নাম, পুৱা প্রসংগ, ডেৰপৰীয়া প্ৰসংগ আদি বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীৰ মাজেৰে শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰে।পুৱাৰে পৰা ভক্ত বৈষ্ণৱে হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়। দুপৰীয়া বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখৰ পৰা আৰম্ভ হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।গুৰুআসন, ভাগৱত, গায়ন -বায়ন, নাম-কীৰ্ত্তন, কৃষ্ণ- শিৱ, ৰাম-লক্ষ্মণ-সীতা আদি বিভিন্ন চৰিত্ৰৰ ভাৱৰীয়াৰ সৈতে অৰ্ধ শতাধিক সৰু বৰ বাহনেৰে আৰম্ভ কৰা শোভাযাত্ৰাই বটদ্ৰৱা, ভেটিয়নী, ভোমোৰাগুৰি, ৰাইডঙীয়া, কৰচোং, চকলাঘাট,হাতীচোং,বেবেজীয়া, জাজৰি,নসত্ৰ হৈ শলগুৰি সত্ৰৰে আহি বিয়লি বটদ্ৰৱা থানত সামৰণি মাৰে।ইফালে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত- বৈষ্ণৱ, দৰ্শনাৰ্থীৰ আগমন ঘটিছে পৱিত্ৰ বটদ্ৰৱা থানলৈ। গুৰু বন্দনা, হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে বটদ্ৰৱা থান।জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে কীৰ্তনঘৰ, দৌলমন্দিৰ, পদশিলাত ভক্তই বন্তি,শৰাই আগবঢ়াই সেৱা আগবঢ়োৱাত হৰি নাম ভকতিৰ ৰসত বৈকুন্ঠ পুৰীলৈ পৰ্যবসিত হৈ পৰে বটদ্ৰৱা থান।
Trending
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান