ৰাজ্যৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন লেংডন ফাউণ্ডেশ্যনে প্ৰতি সপ্তাহৰ শনিবাৰে গুৱাহাটীৰ পদপথত বসবাস কৰা অঘৰী লোকসকলৰ মাজত খাদ্য আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে আজি গুৱাহাটীৰ পাণবজাৰস্থিত শুক্লেশ্বৰ মন্দিৰৰ সন্মুখত পদপথত বাস কৰা প্ৰায় ১০০ জন লোকৰ মাজত খাদ্য বিতৰণ কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি, সমাজকর্মী নিতুল বৰগোঁহাইৰ নেতৃত্বত ৰেখা বৰগোঁহাই, ঋতুৰাজ শইকীয়া, দীনেশ কোঁৱৰ, সুমিত কুমাৰ ঝা, শশী ঝা, ৰাজীৱ গৌড়, শিৱ গগৈয়ে অভাৱী লোক সকলৰ মাজত খাদ্য বিতৰণ কৰে। এই সন্দৰ্ভত সভাপতি নিতুল বৰগোঁহায়ে সদৰি কৰা অনুসৰি পদপথত বাস কৰা অভাৱী লোকক খাদ্যৰ লগতে বস্ত্ৰ বিতৰণ কৰাৰ বাবেও তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে। বিগত ২০২২ বৰ্ষৰ ৩১ ডিচেম্বৰত পাটসাঁকো বাইলুং গাঁৱত বৃহত্তৰ পাটসাঁকো বাসীৰ উদ্যোগত বকতাৰ বাইলুংগাঁও বৰদেওশালত উদ্যাপিত কেন্দ্রীয় মে-ডাম মে-ফিৰ মঞ্চত শুভাৰম্ভ কৰা কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ কণ-কণ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত দুশখনৰো অধিক কিতাপ বিতৰণ কৰা হয়। লেংডন ফাউণ্ডেশ্যনৰ ভৱিষ্যৎ কর্মসূচী সম্পৰ্কত প্ৰতিষ্ঠাপকগৰাকীয়ে কয় যে স্বেচ্ছাসেৱী সংস্থাটোৱে আর্থিকভাৱে দুৰ্বল ছাত্র-ছাত্রীসকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে বিভিন্ন প্রশাসনিক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰ্বাচিত ছাত্র-ছাত্রীক বিনামূলীয়া, প্ৰশিক্ষণ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। সমান্তৰাল ভাৱে অভাৱগ্ৰস্ত মেধাবী শিক্ষাৰ্থী সকলোকো সংগঠনটোৱে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াব বুলি নিতুল বৰগোহাঁয়ে জানিবলৈ দিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন