গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰই আয়োজন কৰিছে গ্ৰীষ্মকালীন শিবিৰ

0 248

প্ৰত্যেক বছৰৰ দৰে এইবাৰো গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰই শিশু তথা শিক্ষাৰ্থী সকলৰ বাবে জুলাই আৰু আগষ্ট মাহত গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিছে।ক’ভিড মহামাৰী পৰিস্থিতি বাবে এই বছৰ অনলাইন প্লেটফৰ্মৰ জৰিয়তে এই শিবিৰ আয়োজন কৰা হ’ব।গ্ৰীষ্মকালীন শিবিৰে শিক্ষাৰ্থী সকলক সৃষ্টিশীল সাধানাক বিকশিত কৰা সুযোগ প্ৰদান কৰিব।সেই অনুসৰি অহা
১৪-১৫ জুলাই,চতুৰ্থৰ পৰা দশম শ্ৰেণীৰ বাবে :একুৰিয়াম বনাওক আৰু জীৱিত পৰিস্থিতিতন্ত্ৰ উপভোগ কৰক।
১৬-১৭ জুলাই,ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে:আপোনাৰ পাকঘৰত মচলা আৰু খাদ্য সামগ্ৰীৰ ভেজাল পৰীক্ষা কৰাৰ সহজ প্ৰক্ৰিয়া।
১৯,২০,২২ জুলাই,ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে: সংখ্যা আৰু আকৃতিৰ সৈতে ধেমালি।
২৩-২৪ জুলাই,পঞ্চমৰ পৰা সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে: পুতলাত বিজ্ঞান(কনিষ্ঠ শিক্ষাৰ্থীৰ বাবে)
২৬-৩০ জুলাই,ষষ্ঠ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে:কম্পিউটাৰত ডিজিটেল পেইণ্টিং।
২-৬ আগষ্ট, ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে: ক্লাউড সেৱাত আপোনাৰ নিজা ৱেবচাইটৰ ডিজাইন।
৯-১৩ আগষ্ট, সপ্তমৰ পৰা দশম শ্ৰেণীৰ বাবে:গুগল ক’লাবত পাইথন কোডিঙৰ জৰিয়তে মৌলিক শিক্ষা।
১৬-১৭ আগষ্ট,অষ্টম পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে:পুতলাত বিজ্ঞান(জ্যেষ্ঠ শিক্ষাৰ্থী সকলৰ বাবে)
আগ্ৰহী শিশু অভিভাৱকে তলত দিয়া লিংকৰ জৰিয়তে ওপৰোক্ত অনুসূচী অনুসৰি তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব বুলি আঞ্চলিক বিজ্ঞান কেন্দ্ৰই জনাইছে। https://froms.gle/UnHCgr7AyRNUp5jTA প্ৰাৰ্থী সকলে অফলাইন পঞ্জীয়নৰ বাবে গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়লৈ আহিব পাৰে।

Leave A Reply

Your email address will not be published.