ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কেডেট আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা এইবেলি ভূগোল বিজ্ঞান বিষয়ত মেজৰসহ সুখ্যাতিৰে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা ছাত্ৰ নেপো মৈৰাংথেম ছাৰ্ভিছ ছিলেকচন বৰ্ডৰ দ্বাৰা আয়োজিত পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় বায়ু সেনাৰ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈছে । তেওঁ এই পদৰ বাবে নিৰ্বাচিত হোৱা বাবে এন চি চি ইউনিটৰ সকলোৱে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে । আনকি ২২ ছেপ্টেম্বৰত ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্রুপ কেপ্তেইন ৰবীন বিষ্ণৱে নেপোক ইউনিটলৈ বিৰল গৌৰৱ কঢ়িয়াই অনা বাবে সম্বৰ্ধনা জনায় । উল্লেখযোগ্য যে বৰ্তমান গুৱাহাটীৰ উজানবজাৰ নিবাসী নেপোৰ প্ৰকৃত ঘৰ হল মণিপুৰৰ পূব ইম্ফল জিলাৰ এখন ভিতৰুৱা অঞ্চলত । মণিপুৰ সৈনিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ২০১৮ চনত কটন বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰাৰ সমান্তৰালভাৱে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটত কেডেট হিচাপে নাম ভৰ্ত্তি কৰে । ইয়াৰ মাজতে তেওঁ সৰ্বভাৰতীয় বায়ু সৈনিক শিবিৰত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ এৰোমডেলাৰৰ সন্মান আৰু বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত এ এল জিত আয়োজিত এয়াৰ ফেষ্টিফেলত এৰো মডেলিঙত ভাগ লৈ ইউনিটলৈ গৌৰৱ কঢ়িয়াই আনিছিল । মণিপুৰৰ এখন চৰকাৰী চিকিৎসালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এম নৰিন্দৰ সিং আৰু এম ইন্দুবালা সিঙৰ পুত্ৰ নেপোৱে অহা বছৰৰ আৰম্ভণিতে তেলেংগানাৰ দণ্ডিয়ালত থকা ভাৰতীয় বায়ু সেনাৰ একাডেমীত ফ্লায়িং অফিচাৰ হিচাপে উৰণ প্ৰশিক্ষণ পাঠ্যক্ৰমত ভাগ লব । আনহাতে এন চি চিৰ কেডেট হিচাপে তেওঁ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈ বাহিনীটোলৈ গৌৰৱ কঢ়িয়াই অনা বাবে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে নেপোক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।
Trending
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা