অচিৰেই মুকলি হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’। সমীৰ দামোদৰ ৰোপৱে’ প্ৰাইভেট লিমিটেডে যাত্ৰী কঢিয়াই নিয়া কেবিনৰ পৰীক্ষণমূলক প্ৰক্ৰিয়া ইতিমধ্যে সমাপন কৰিছে।জানিব পৰা মতে ইয়াৰ জৰিয়তে এজন যাত্ৰীয়ে মাত্ৰ ৫ ৰ পৰা ৭ মিনিটৰ ব্যৱধানত কাছাৰীঘাটৰ পৰা উত্তৰ গুৱাহাটী পাবলৈ সক্ষম হ’ব।প্ৰতিটো কেবিনত ৩০জনকৈ যাত্ৰী এবাৰত যাব পাৰিব।অৱশ্যে ভাৰা নিৰিখ কিমান হ’ব আৰু পুৱা কিমান সময়ৰ পৰা কিমান সময়লৈ যাত্ৰীসকলে যাত্ৰা কৰিব সেই সম্পৰ্কে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই জি এম ডি এয়ে।সুদুৰ ছুইজাৰলেণ্ডৰ পৰা আমদানিকৃত তথ্য প্ৰযুক্তিয়ে ৰোপৱেৰ নিৰ্মাণ কৰা হৈছে।ৰোপৱেৰ উন্মোচনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাতায়ত ব্যৱস্থা আৰু পৰ্যটনৰ ক্ষেত্ৰত নিসন্দেহে এক নতুন মাত্ৰা প্ৰদান কৰিব ।
1 Comment
Metro Ahile Aru val lagile heten….