ঐতিহাসিক গুৱাহাটী চিনে ক্লাৱে আন বছৰৰ দৰে এই বছৰ ১৪তম আন্তৰ্জাতিক গুৱাহাটীৰ চলচ্চিত্ৰ মহোৎসৱ অহা ২৫ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চ লৈকে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে।ক’ভিড মহামাৰী প্ৰাদুৰ্ভাৱৰ বাবে চৰকাৰে আৰোপ কৰা বাধা নিষেধৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা এই উৎসৱ এইবছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত আয়োজন কৰা হৈছে। মহোৎসৱৰ লগত সংগতি ৰাখি আন বছৰৰ দৰে চুটি চলচ্চিত্ৰ প্ৰতিযোগিতা আয়োজন কৰিছে।১৫ মিনিট দৈৰ্ঘ্য ভিতৰত নিৰ্মাণ কৰা চুটি চলচ্চিত্ৰ অহা ১৫ ফেব্ৰুৱাৰী ভিতৰত জমা দিব লাগিব।প্ৰতিযোগিতা নিয়মাৱলী সহ সবিশেষ গুৱাহাটীৰ চিনে ক্লাৱ আৰু আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ ফেচবুক পৃষ্ঠাত পাব।ইয়াৰোপৰি অ-প্ৰতিযোগিতা মূলক শীৰ্ষত ৭ খন আন্তৰ্জাতিক উৎকৃষ্ট চলচ্চিত্ৰ বাবেও নিৰ্মাতা সকলৰ পৰা চুটি ছবি আহ্বান কৰা হৈছে।উৎসৱৰ লগতে গুৱাহাটী চিনে ক্লাৱৰ বছেৰেকীয়া মুখপত্ৰৰ চিত্ৰচিন্তা প্ৰকাশ কৰা হ’ব।ক্লাৱৰ সদস্য ভৰ্তিৰ বাবে পানবজাৰত অৱস্থিত ভাৰত স্কাউট এণ্ড পাইডৰ অফিচৰ চৌহদত থকা গুৱাহাটী চিনে ক্লাৱৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব।চলচ্চিত্ৰ উৎসৱ আৰু প্ৰতিযোগিতা বিষয়ে জানিব বিচাৰিলে gauhaticineclub@hotmail.com মেইল যোগে পঠাব পাৰেঅথবা৯৩৪৫০-৪৩৯০১,৮৭২৩৪-১৪২৪৫,৭০০২৫-৭১১১৩,৯৯৫৪২-৩৬৮৬৯ নম্বৰত ফোন কৰিব পাৰে।১৪তম আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত ক্লাৱৰ সভাপতি এ.কে আবছাৰ হাজৰিকা আৰু সম্পাদক মাধুৰীমা বৰুৱাই সকলো চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে