গুৱাহাটী প্ৰেছ ক্লাবত বাঘ হাজৰিকা কল্পনা নে বাস্তৱৰ পঞ্চম সংশোধিত সংস্কৰণ উন্মোচন

0 144

গুৱাহাটীৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশন ভাষা প্রকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বহু লোকৰ উপস্থিতিত প্রগতিশীল লেখক মুকুট শৰ্মাৰ বাঘ হাজৰিকা কল্পনা নে বাস্তৱ কালি সংশোধিত পঞ্চম সংস্কৰণ উন্মোচন কৰা হয়। এই গ্ৰন্থ উন্মোচনী সভাখনৰ আৰম্ভণিতে লেখক মুকুট শৰ্মাই প্রস্তাৱনা ভাষণত কয় যে- বাঘ হাজৰিকা কল্পনা নে বাস্তৱ গ্ৰন্থখন কৰি থকা সময়ত একেলগে অন্য দুখন গ্ৰন্থৰ কামো চলি আছিল। প্ৰায় ৮০০ পৃষ্ঠাৰ হেংদাং নামৰ স্মাৰক গ্ৰন্থখনৰ এটা ভাগ আছিল বিষয় লাচিত একেদৰে বাঘ হাজৰিকা খনৰো শেষৰটো অধ্যায় আছিল বিষয় লাচিত৷ এই লাচিত সম্পৰ্কীয় লিখনিটোত লাচিত বৰফুকন সম্পৰ্কে বিতং আলোচনা কৰা হৈছে। কিন্তু সিমানতে গ্ৰন্থখন শেষ হ’ব লাগিছিল যদিও লাচিত সম্পৰ্কে শীৰ্ষক তিনি পৃষ্ঠাৰ আলোচনা এটা অসাৱধানবশত বাঘ হাজৰিকা গ্ৰন্থখনত সংযোজিত হৈছিল। দৰাচলতে এই লিখনিটো আছিল আকৌ শৰাইঘাট শীৰ্ষক বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় লাচিত দিৱসৰ স্মৃতি গ্ৰন্থখনত থকা ইতিহাসে আলোড়িত কৰা লাচিত বৰফুকনক জানো আহক শীৰ্ষক লখিমপুৰৰ লেখক নৃপেন ফুকনৰ লেখনিটোৰ এটা অংশ। উল্লেখযোগ্য যে এই স্মৃতি গ্ৰন্থখনৰ ছপাৰ কামো আমাৰ দায়িত্বতে থকাত আৰু বীৰ লাচিত সেনাৰ লগত কৰা আলোচনা মৰ্মে লাচিত সম্পকীয় নৃপেন ফুকনৰ লিখনিটোৰ এটা অংশৰ দুই এটা সম্পাদনা কৰি হেংদাং খনত দিবলৈ আছুতিয়াকৈ ৰখা হৈছিল।যিহেতু লাচিত সম্পৰ্কীয় লেখনি কম আছিল। কিন্তু সময় আৰু কাৰিকৰী অসুবিধাৰ বাবে ফুকন ডাঙৰীয়াৰ লেখনিটো হেংদাংত সন্নিৱিষ্ট কৰা হোৱা নাছিল। কিন্তু ভূলবশত এইচোৱা লেখনি অসাৱধানবশত বাঘ হাজৰিকাখনত সংলগ্ন হয়। দৰাচলতে বিষয় লাচিত সম্পৰ্কীয় বাঘ হাজৰিকা গ্ৰন্থখনত ১২ পৃষ্ঠাৰ আলোচনাৰ পিছত নৃপেন ফুকনৰ লাচিত সম্পৰ্কে শীৰ্ষক একাংশ লিখা পুনৰ একে শিৰোনামেৰে গ্ৰন্থখনত দিয়াটো অপ্ৰাসংগিক। তৎস্বত্বেও আমাৰ প্ৰতিষ্ঠানত হোৱা ভুলটোৰ বাবে মই দায়িত্ব স্বীকাৰ কৰি লৈছো আৰু ভুলটোৰ সংশোধনো কৰিছো৷

বিশিষ্ট কবি, সমালোচক বিপুল শৰ্মা, বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ড° ৰোমান শৰ্মা, বিশিষ্ট সাহিত্যিক কিশোৰী মোহন পাঠক আৰু অসম সাংস্কৃতিক মহাসভাৰ সম্পাদক পৱিত্ৰ কুমাৰ শৰ্মাই গ্ৰন্থখনৰ পঞ্চম সংস্কৰণ উন্মোচন কৰে। উন্মোচনী ভাষণত বিপুল শৰ্মাই সংশোধিত ৰূপত গ্ৰন্থখনৰ নতুন সংস্কৰণ প্রকাশ কৰাত সন্তোষ প্রকাশ কৰাৰ লগতে এই গ্ৰন্থখন সম্পৰ্কত চলি অহা বিতৰ্কৰ ওৰ পৰা উচিত বুলিও মত প্রকাশ কৰে। লগতে বৌদ্ধিক সমালোচনা সদাই সমাজৰ হিতৰ দিশত হোৱা উচিত বুলি মত প্রকাশ কৰাৰ লগতে একাংশ লোকে সমালোচনাৰ নামতেই সমালোচনা কৰি ব্যক্তি কেন্দ্ৰীক আলোচনাৰে শত্ৰুতা আচৰণ কৰাৰ মানসিকতা কেতিয়াও সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য নহয় বুলি মত প্রকাশ কৰে। একেদৰে অসম সাংস্কৃতিক মহাসভাৰ সম্পাদক পৱিত্ৰ শৰ্মাই তেখেতৰ ভাষণত সংশোধিত ৰূপত তাৎকালিনভাৱে গ্ৰন্থখন প্রকাশ কৰি পূৰ্বৰ আসোঁৱাহ আঁতৰোৱা বাবে লেখক মুকুট শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভুল স্বীকাৰ কৰিব পৰাটোও মহানতা বুলি উল্লেখ কৰে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিৱক্তা পদ্মশ্ৰী ড° ৰোমান শৰ্মা আৰু সাহিত্যিক পেঞ্চনাৰ কিশোৰী মোহন পাঠকেও সংশোধিত সংস্কৰণটি পাঠক সমাজে আদৰি ল’ব বুলি আশা প্রকাশ কৰে। ভাষা প্রকাশনৰ তৰফৰ পৰা পূৰ্বৰ গ্ৰন্থসমূহৰ বিক্ৰী বন্ধ কৰি নতুন সংস্কৰণটি মুকলি কৰাৰ লগতে কোনো লোকে পূৰ্বৰ গ্ৰন্থখন ঘূৰাই দিলে নতুন গ্ৰন্থ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.