ৰাজ্যৰ এজন প্ৰতিভাবান যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি “মায়া” আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয় কবিতা পুথিখন উন্মোচন কৰে সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই । উল্লেখ্য যে সমন্বয় প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা আৰু হাট্ৰথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কিশোৰ মোহন ভট্টাচাৰ্য , বিশিষ্ট যুৱ সাহিত্যিক তথা যুৱ সাহিত্য অকাডেমি বঁটা প্ৰাপক জিন্টো গীতাৰ্থ , এন ই ভাৰত নিউজ চেনেলৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু সাহিত্যিক উপস্থিত থাকি ভাষণ প্ৰসংগত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবি প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰি কবিতা পুথিখন কাব্যপ্ৰেমী ৰাইজে আদৰি লব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত কবি জোনাক প্ৰতীম বৰঠাকুৰে কবিতা পুথিখন সন্দৰ্ভত নিজৰ অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী