গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত

0 114

একাদশ বিশ্ব যোগ দিৱস উদযাপনৰ‌ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ আৰু পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ উদ্যোগত পহিলা জুনত গুৱাহাটী প্ৰেছ ক্লাবত এখন যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতা উদ্বোধন কৰে গুৱাহাটীৰ প্ৰেছ ইনফৰমেছন বুৰ’ৰ (পিআইবি) সহকাৰী সঞ্চালক প্ৰণৱ কুমাৰ নাথে। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিস্থাপক সভাপতি যোগাচাৰ্য শুভাশিসৰ আদৰণি ভাষণেৰে আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ হয় । প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ শান্তনু ৰায়চৌধুৰী আৰু গুৱাহাটী অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ(এইমছ) যোগ চিকিৎসক অংকিতা বৰঠাকুৰে। যোগাসন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে সুৰেশ পোদ্দাৰ, দিব্যজ্যোতি ডেকা আৰু অৰুন্ধতী তালুকদাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেলথ চায়েন্সৰ যোগ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ফলাফল তথা পুৰস্কাৰসমূহ অহা একাদশ বিশ্ব যোগ দিৱসৰ উদযাপন সমাৰোহত প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.