গুৱাহাটী এইমছ আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ গুৱাহাটীৰ উদ্যোগত তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়৷ পুৱা ১১ বজাত পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্ৰধান কে সতীশ নাম্বুদিৰিপদ, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত এই শিবিৰটো উদ্বোধন ধৰে গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পোৰানিকে৷ ইয়াৰ পাছতে গুৱাহাটী এইমছৰ ৭ জন চিকিৎসক, ৫গৰাকী নাৰ্ছ আৰু বিষয়া-কৰ্মচাৰীৰ এটা দলে সাধাৰণ মেডিচিন, দাঁত, চকু পৰীক্ষাৰ লগতে ডায়েটিচিয়ানেও স্বাস্থ্য যতনৰ পৰামৰ্শ আগবঢ়ায়৷ দিনৰ প্ৰায় তিনি বজালৈকে অনুষ্ঠিত এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ৯০গৰাকী সাংবাদিক, সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰি চিকিৎসা সেৱা গ্ৰহণ কৰে৷ শিবিৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিভিন্ন ঔষধপাতিও প্ৰদান কৰা হয়৷
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী