সম্প্ৰতি গো- মাংস কেন্দ্ৰিক বিতৰ্কই ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি কৰি থকাৰ সময়তে আজি গো-মাংস সম্পৰ্কত ঐতিহাসিক তথ্য আৰু সামাজিক প্ৰেক্ষাপটত গো-মাংস সম্পৰ্কীয় বিচাৰ বিশ্লেষণক গ্ৰন্থ আকাৰে ৰূপ দি গো -মাংস ,গো -মাতা, গাহৰি আৰু সাম্প্ৰদায়িকতা নামেৰে প্ৰকাশ কৰি উলিয়াই। ইপিনে আগশাৰীৰ প্ৰকাশন ভাষা প্ৰকাশনৰ উদ্যোগত প্ৰকাশ কৰি উলিয়াওৱা ব্যতিক্ৰমধৰ্মী গ্ৰন্থখন আজি গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। উল্লেখযোগ্য আজিৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱী ময়ূৰ বৰাই নিজৰ উন্মোচনী ভাষনত কয় যে লিখকৰ এনে প্ৰচেষ্টাই সমাজক ভুল বুজা বুজিৰ পৰা আতৰাই ৰাখি অনাহকত কৰি অহা গো-মাংসৰ বিতৰ্কৰ পৰা মুক্তি দিব। আনহাতে আজিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যক ইছমাইল হুছেইনে কয় যে লিখকৰে এনে সময় উপযোগী সৃষ্টিক পঢ়ুৱৈ সমাজে নিশ্চয়কৈ আদৰি লব।আনহাতে আজিৰ গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী বঁটা প্ৰাপক লিখক ৰোমান শৰ্মাই কয় মুকুট শৰ্মাৰ গ্ৰন্থই সদায় এক তত্বগধুৰ ৰূপৰ সময় আৰু ইতিহাসৰ সঁচা আভাস দি আহিছে আৰু এই গ্ৰন্থখনৰ পৰাও পাঠকে তেনে এক সোৱাদেই লাভ কৰিব বুলি আশা কৰিব পাৰি।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins