ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ ) কোষৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱসৰ দহদিনীয়া পেৰেড শিবিৰৰ ১৬ নৱেম্বৰত সামৰণি পৰে । গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় ভাৰত চৰকাৰ ,উত্তৰ পূৱ এন এছ এছৰ ক্ষেত্ৰীয় সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত শিবিৰত পূৱ মণ্ডলৰ অধীনৰ অসম, মেঘালয় , নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম , পশ্চিমবংগ আৰু উৰিষ্যাৰ ২৫০ জন সেশ্বাসেৱক আৰু ১০ জন কাৰ্যসূচী বিষয়াই ভাগ লৈছিল। ১৬ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত আয়োজিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে কয় যে যুৱক-যুৱতীসকলৰ আমাৰ জাতি গঢ়ি তোলাৰ ক্ষমতা আছে আৰু যিকোনো উদ্ভাৱনীমূলক কাম যুৱক-যুৱতীসকলৰ পৰা আহিব লাগিব। আমাৰ সমাজখন পুনৰ নিৰ্মাণ কৰিবলৈ তথা আমাৰ দেশৰ পুনৰ নিৰ্মাণ কৰিবলৈ যুৱ সমাজৰ ভূমিকা অধিক।অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক ডঃ উৎপল শৰ্মা,শ্ৰেণী সমূহৰ সচিব অধ্যাপক ধ্ৰুবজ্যোতি চহৰীয়া,এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক জংগী লং, এন এছ এছ চেন্নাইৰ উপ কাৰ্যসূচী উপদেষ্টা ডঃ চেমুৱেল চেলিয়াই ভাগ লৈ সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনায়।ডঃ চেমুৱেলে ভাষণত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত ঐক্য আৰু সংহতি বজাই ৰখাৰ কাহিনীৰ বিষয়ে উল্লেখ কৰে। তেনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণসঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে বিশিষ্ট ব্যক্তি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনাই স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীসকলক গোটেই জীৱন অনুশাসন আৰু সময়োপযোগীতা বজাই ৰাখিবলৈ আহ্বান জনায় যি ১০ দিনীয়া শিবিৰত শিকোৱা হৈছিল।গুৱাহাটীৰ এন এছ এছৰ আঞ্চলিক সঞ্চালক শ্ৰীযুত জংজিলঙে প্ৰি আৰ ডি শিবিৰৰ কাম-কাজৰ বিষয়ে ব্যাখ্যা কৰে আৰু সমাজলৈ সকলো ইতিবাচক বাৰ্তা আগবঢ়াই নিবলৈ আহ্বান জনায় । উল্লেখ্য যে ৭ নৱেম্বৰত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ ইন চীফ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই দহদিনীয়া শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।
Trending
- Minister Krishnendu Paul Chairs Review Meeting to Assess Progress of Government Schemes in Darrang
- অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন – বন্তি শইকীয়াৰ গ্ৰন্থ “কণমইনাৰ সাধু” উন্মোচন
- টপচেম চিমেণ্টৰ পঞ্চম বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন- ৬০০ৰো অধিক শিশুলৈ সহায়ৰ হাত
- 16-Day Campaign Against Gender-Based Violence Concludes with Awareness Rally in Darrang
- আহি আছে হাড় কপোৱা জাৰ, উজনি অসমৰ বেছিভাগ ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা নামিল ৮ ডিগ্ৰী চেলচিয়াছলৈ – গুৱাহাটীত নামিল ১২ ডিগ্ৰী চেলচিয়াছলৈ
- এইচ ডি এফ চি বেংক গ্ৰুপৰ এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ সফল সামৰণি
- ১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব