কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তিথি উপলক্ষে গুৱাহাটী মহানগৰীৰ হৰিজন কলনিত বাস কৰা চাফাই কৰ্মচাৰী সকলৰ কণ-কণ শিশু তথা অভিভাৱক সকলৰ দ্বাৰা ১৮,১৯,২০ জুনত তিনিদিনীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টিৰাজি নৃত্য, গীত, মাত কথাৰে ৰাভা দিৱস পালন কৰা হয়। উল্লেখ্য সংগীত আৰু কলাৰ জৰিয়তে সমাজ সংস্কাৰিত, বিকশিতৰ লগতে আহ্লাদিত হব পাৰে।এই উদ্দেশ্য আগত ৰাখিয়েই ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মিকী সংগীত বিদ্যালয়ে গুৱাহাটী মহানগৰীৰ আৰ্থিক ভাৱে পিছপৰা হৰিজন কলনিৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক সংস্কাৰিত কৰাৰ বাবে বিভিন্ন ধৰণে প্ৰয়াস চলাই আহিছে।বাল্মিকী সংগীত বিদ্যালয়ৰ মুখ্য প্ৰশিক্ষক অনন্যা তালুকদাৰৰ নেতৃত্বত সততে অনগ্ৰসৰ বুলি ভাবি লোৱা গুৱাহাটী মহানগৰীৰ বিশ টাকৈ বস্তি অঞ্চলৰ চাফাই কৰ্মী সমাজৰ আৰ্থিক ভাৱে পিছ পৰা সহস্ৰাধিক কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক সংস্কাৰিত কৰাৰ উদ্দশ্যেৰে বিনামূলীয়াকৈ অসমৰ জাতীয় প্ৰাণ স্বৰূপ সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, বিহু নৃত্য, আৰু লোক সংগীতৰ প্ৰশিক্ষণ দি থকা হৈছে।ডা.হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে ২০ জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পূণ্যতিথি উপলক্ষ্যে গুৱাহাটী মহানগৰীৰ ১১ খন চাফাই বস্তিত ৰাভা দিৱস পালন কৰে ।উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ নৃত্য, গীত তথা ৰাভা দেৱৰ জীৱনীৰ ওপৰত বক্তৃৃৃৃত্বা আগবঢ়ায়।উল্লেখ্য এই ১১ টা বস্তিত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ কাৰ্যসূচীত অসমৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জৰিত বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। উত্তৰ গুৱাহাটী বস্তিত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে অংশগ্ৰহণ কৰে।আনহাতে মৰাখালি-চলাপাৰা বস্তিত আয়োজিত অনুষ্ঠানত বিশিষ্ট লেখিকা তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী,আমাৰ অসমৰ কাকতৰ কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই অংশগ্ৰহণ কৰে৷ আনহাতে, দিশপুৰ বস্তিত বিশিষ্ট অভিনেত্ৰী চেতনা দাস, অধিবক্তা বংকিম শৰ্মা, গোশালা বস্তিত অসম চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ আলেক্ষ্য বৰুৱা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই অংশগ্ৰহণ কৰে৷ আনহাতে, চাবিপুল বস্তিত বিশিষ্ট অভিনেতা মনমথ বৰুৱা , ভগৱৎ প্ৰীতম, ৰূপনগৰ বস্তি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট লেখিকা নম্ৰতা দত্ত উপস্হিত থাকে । ফটাশিল কলনীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে, লোক কলনিত উপস্থিত থাকে কণ্ঠশিল্পী ববিতা শৰ্মাই । ইপিনে উজান বজাৰ হৰিজন কলনিত উপস্থিত থাকে অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল ND 24ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাৰ লগতে সংগীত জগতৰ লগত জৰিত বিশিষ্ট সমাজ সেৱক মানস হাজৰিকাই। বামুণীমৈদাম কলনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ জেষ্ঠ সাংবাদিক নন্দন প্ৰতীম শৰ্মা বৰদলৈৰ লগতে জনপ্ৰিয় কণ্ঠ শিল্পী জিতুল সোণোৱালে।ভঙাগড় বস্তিত উপস্থিত থাকে অনিৰ্বাণ গোস্বামী, ৰেৱকান্ত নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধি ।এই অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেক গৰাকী অতিথিয়ে ড:হেডগেৱাৰ স্মাৰক সমিতিৰ প্ৰচেষ্টাক ভুয়শী প্ৰশংসা কৰে।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়