গুৱাহাটী মহানগৰৰ শান্তিপুৰত অৱস্থিত Early Bird Montessori School ত যোগাসনৰ ৰাষ্ট্ৰীয় সোণৰ পদক বিজয়ী যোগ বিশেষজ্ঞা জেফৰিন হাজৰিকা আৰু Early Bird Montessori School ৰ অধ্যক্ষা ববিতা দাস খানৰ সমূহীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা যোগ বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য্য শুভাশিষ কৰে ৷ এই উপলক্ষে আয়োজিত উদ্বোধনী সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ থেৰাপিষ্ট চিক্তা দেৱ কৰ, অৰবিন্দ বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মিনু ডেকা কাকতি, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাৰুল বৈশ্য, যোগ প্ৰশিক্ষক সুৰেশ পোদ্দাৰ, নিশা চক্ৰৱৰ্তী আৰু বৰ্ণালী ভূঞা মেধীৰ লগতে শান্তিপুৰ অঞ্চলৰ শতাধিক লোক উপস্থিত থাকে ৷ সভাত যোগাচাৰ্য্য শুভাশীষ কৰে যোগৰ প্ৰাসংগিকতা, সু-স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা আদি বিষয়ত এক মননশীল ভাষন প্ৰদান কৰে ৷ ডানিয়া হেণৰিকৰ ভক্তি গীত আৰু নিকিতা দাসে প্ৰদৰ্শন কৰা ভাৰত নাত্যমে উপস্থিত সকলোকে আপ্লুত কৰে ৷ আগষ্ট মাহৰ পৰা প্ৰতিদিনে নিয়মীয়া যোগ ক্লাছ আৰম্ভ হ’ব আৰু ৰাইজৰ সহায় সহযোগিতা উদ্যোক্তাৰ হৈ জেফৰিন হাজৰিকা আৰু ববিতা দাস খানে কামনা কৰিছে৷
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ