বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে’ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই ডে` ঘোষণা কৰিছে।যদি ভোটগণনা ৩ মে’ দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ’লে ৩ মেৰ দিনটোও ড্ৰাই ডে হিচাপে গণ্য কৰা হ’ব।জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে।এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব। লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।সেইদৰে, এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব।এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়