গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰি ৰখাত তৎপৰ ৰাজ্য চৰকাৰ: কৃষি মন্ত্ৰী

0 280

লক ডাউনৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত যাতে কৃষি আৰু সহযোগী খণ্ড সমূহৰ কাম-কাজ অব্যাহত ৰাখিব পাৰি তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া কিছু শিথিলতা অৱলম্বন কৰি ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সৱল ৰখাৰ লগতে কৃষক সকলকো সকাহ প্ৰদান কৰাৰ বাবে অসম চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে।
 
শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আজি অনুষ্ঠিত এখন বিভাগীয় পৰ্য্যালোচনা সভাত এই মন্তব্য কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই। কোভিড-১৯ -ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে বিকল্প পন্থা নাই বুলি উল্লেখ কৰি কৃষি মন্ত্ৰী গৰাকীয়ে কয় যে, শিৱসাগৰ আৰু চৰাইদেউ জিলাত কৃষি আৰু অন্যান্য সহযোগী খণ্ড যেনে উদ্যান শস্য, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ কাম-কাজ চলোৱাৰ সময়ত বিভাগ সমূহৰ লগতে ৰাইজেও সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰিব লাগিব। কৃষি ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় বাহনৰ ইন্ধন যোগান, বীজ বিতৰণ, কৃষি সামগ্রী বিতৰণ আৰু সৰবৰাহ আদি বিভিন্ন বিষয়ৰ ওপৰত সভাত আলোচনা কৰা হয়। এই সমূহ সেৱা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি প্ৰদানৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক মন্ত্রী গৰাকীয়ে আহ্বান জনায়।
 
কৃষক সকলৰ উৎপাদিত সামগ্ৰী সমূহ ৰপ্তানিৰ সুবিধাৰ বাবে অসম চৰকাৰে উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ১৯ খন ট্ৰেইন চলাচলৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও  উল্লেখ কৰে। কৃষক সকলৰ সুবিধাৰ্থে ইতিমধ্যে প্ৰস্তুত কৰা তালিকা অনুসৰি বিভিন্ন আঁচনিৰ অধীনত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, পাম্পছেট, স্প্রে মেচিন আদি অনানুষ্ঠানিক ভাৱে বিতৰণৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী গৰাকীয়ে কৃষি বিভাগক নিৰ্দেশ প্ৰদান কৰে।
 
উজনি অসমত খাৰিফ শস্য উৎপাদন বিষয়ক বিভিন্ন কাৰ্যপন্থাৰ বিষয়েও তেওঁ সভাত আলোচনা কৰে। সভাত জিলাখনত শেহতীয়াকৈ দেখা দিয়া গাহৰিৰ বেমাৰ ক্লাছিকেল শ্ৰোৱাইন ফিভাৰ (Classical swine fever or CSF or hog cholera)-ৰ বিষয়েও আলোচনা কৰে। আক্ৰান্ত গাহৰি সমূহৰ পৰা এই সন্দৰ্ভত নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে খানাপাৰা স্থিত লেবৰেটৰি (North Eastern Regional Disease Diagnostic Laboratory)-ত ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে।
 
 
সভাত অংশগ্ৰহণ কৰি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জিলা প্ৰশাসনক সদ্যহতে অন্তত: পৰৱৰ্তী এমাহৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত ৰখাটো সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। এই ক্ষেত্ৰত পূৰ্ণ বিভাগীয় সহযোগিতাৰো তেওঁ আশ্বাস প্ৰদান কৰে।
 
লক্ ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ প্ৰতি শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাৰে উপায়ুক্তদ্বয়ক দৃষ্টি ৰাখিবলৈ তেওঁ আহ্বান জনায়। লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰি কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম অযুক্তিকৰ ভাৱে বৃদ্ধি নকৰে তাৰ বিৰুদ্ধে জিলা প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। তেওঁ স্থানীয় ব্যৱসায়ী সন্থা সমূহকো এই সময়ছোৱাত সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান কৰে।
 
সভাত উপস্থিত থাকি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে সাম্প্ৰতিক কালত দেখা দিয়া ধুমুহা, বৰষুণৰ সময়ছোৱাত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ সঠিক ভাৱে লৈ প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে চৰকাৰক নিৰ্দিষ্ট তথ্য-পাতি তৎপৰতাৰে প্ৰেৰণ কৰাৰ বাবে  জিলা দুয়োখনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিয়ে।
 
সভাত শিৱসাগৰ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা কৃষি মন্ত্ৰীগৰাকীৰ হাতত অসম আৰোগ্য নিধিলৈ পঞ্চাশ হাজাৰ টকাৰ এখন চেক্ প্ৰদান কৰা হয়।
 
আজিৰ পৰ্য্যালোচনা বৈঠকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওৰাৰ বিধায়ক কুশল দুৱৰী, সোণাৰীৰ বিধায়িকা নৱনীতা সন্দিকৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, চৰাইদেউৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া, শিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্তদ্বয় মুন গগৈ আৰু বিদিত দাসকে আদি কৰি কৃষি আৰু সহযোগী বিভাগ সমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
 
পৰ্য্যালোচনা সভাৰ অন্তত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.