গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ প্ৰয়াস ডেনৰ

0 245

অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ অন্যতম মেৰুদণ্ড স্বৰূপ ৰেচম শিল্পৰ  প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ হিচাপে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ কঢ়া, চাৰিকঢ়িয়া, লাইপুলিয়া, সোৱণশিৰী নদীৰ অৱবাহিকাৰ এক ঐতিহাসিক সুনাম আছে । বিগত দশক দশক ধৰি  পৰম্পৰাগত ভাবে  চলি অহা এই ৰেচম শিল্পক মূলধন হিচাপেলৈ এই শিল্পৰ  প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত পালন আৰু  উৎপাদনক লক্ষ্য কৰি ৰাজ্য চৰকাৰৰ স্বতন্ত্ৰ সংস্থা এপাৰ্ট আৰু এৰিয়াছৰ সহযোগিতাত এক বহুমুখী প্ৰকল্পৰ  শুক্ৰবাৰে আধাৰশিলা স্থাপন কৰা হয়।  ঢকুৱাখনা মহকুমাৰ ঘিলামৰা অঞ্চলৰ দেৱলিয়া গাঁওত “এপাৰ্ট”ৰ প্ৰায় ১কোটি টকা অৰ্থ সাহায্যৰে প্ৰতিষ্ঠা হবলগীয়া ” কমন চাৰ্ভিছ চেণ্টাৰ ফৰ ছিল্কৰ শুক্ৰবাৰে  আধাৰশিলা স্থাপন কৰে  বিধায়ক নৱ দলেয়ে। ডেন মাল্টিপাৰপাজ এগ্ৰীকাল্চাৰ প্রদিওছাৰ কোম্পানী লিমিটেড”ৰ উদ্যোগত  প্ৰচুৰ সম্ভাৱনা পূৰ্ণ ৰেচম শিল্প বৰমুগা ,এৰী আৰু নুনীৰ  পালন , সূতা উৎপাদন আৰু বস্ত্ৰ উৎপাদনৰ লক্ষ্যৰে দেৱলিয়া গাঁওত স্থাপন হবলগা এই বহুমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি বিধায়ক দলেয়ে  এই প্ৰকল্পৰ জৰিয়তে গ্রামাঞ্চলিয় ৰেচম পালক সকল  বহুলাংশে উপকৃত হব বুলি কয়।এই উপলক্ষত অনুষ্ঠিত সভাৰ সঞ্চালনা কৰে ডেন মাল্টি পাৰপাজ এগ্ৰীকাল্চাৰ  প্রদিওচাৰ কোম্পানী লিমিটেডৰ অধ্যক্ষ প্ৰহ্লাদ সন্দিকৈয়ে ।কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া যোগানন্দ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা  সভাত  কোম্পানীটোৰ পৰিচালন সঞ্চালক শৈলেন দত্ত , লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ  মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ পাঠক , লখিমপুৰ জিলা ৰেচম বিভাগৰ অতিৰিক্ত সঞ্চালক কিশোৰ শৰ্মা বৰদলৈ   , জিলা হস্ত তাঁত বস্ত্ৰ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰশান্ত কুমাৰ বৰঠাকুৰ , কৃষি বিজ্ঞান কেন্দ্ৰৰ গাননিক বিষয়া প্ৰদীপ দেউৰী , ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম ডেকা , ঢকুৱাখনা ৰেচম অধীক্ষক জিতেন তালুকদাৰ , জিলা পৰিষদ সভানেত্রী মঞ্জু বৰগোঁহাই ,পঞ্চায়ত নেত্ৰী দীপাঞ্জলি গগৈ, ৰেখামনি দত্ত, দিলীপ বৰা , গিৰিশ দত্ত আৰু কোম্পানীৰ সকলো বিষয়ববীয়া , বহু সংখ্যক উদ্যোগী ৰেচম পালক আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে । মহকুমাটোৰ প্ৰায় ১২ শ থলুৱা ৰেচম পালক তথা ৰেচম পৰিয়াল জড়িত হব লগা এই বহুমুখী প্ৰকল্পটোৰ জৰিয়তে বৰ  মুগা, এৰী ,নুনীৰ সঁচৰ পৰা আৰম্ভ কৰি সূতা আৰু  বস্ত্ৰ উৎপাদন পৰ্যন্ত সকলো  উৎপাদনমুখী  পদক্ষেপ গ্ৰহণ কৰি বিজ্ঞানসন্মত ভাবে  থলুৱা ৰেচম শিল্পটোক নতুন মাত্ৰা প্ৰদান কৰাৰ সমান্তৰাল ভাৱে  এই ৰেচম ক্ষেত্ৰখনত  স্বনিয়োজনৰ অন্যতম সম্বল হিচাবে গঢ়ি তুলি গ্ৰাম্য অৰ্থনীতি সবল কৰাত এই প্ৰকল্পটোৱে আত্মনিয়োগ কৰিব বুলি কোম্পানীৰ পৰিচালন সঞ্চালক শৈলেন দত্ত আৰু প্ৰকল্প সঞ্চালক ধ্ৰুৱজ্যোতি শইকীয়াই জানিবলৈ দিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই..

Leave A Reply

Your email address will not be published.