কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ -পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাত নিগম লিমিটেড চমুকৈ এন ই এইছ এইছ ডি চি ৰ উদ্যোগত গুৱাহাটীৰ গড়চুকৰ পামহীস্থিত শিল্প প্ৰচাৰ কেন্দ্ৰত ৬ মাৰ্চৰ পৰা আৰম্ভ হৈছে বসন্ত বিক্ৰী মেলা । আজি কেন্দ্ৰত আয়োজিত এক সংবাদ মেলত এন ই এইছ এইছ ডি চি ৰ পৰিচালন সঞ্চালক ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) আৰ কে সিংঙে কয় উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ শিল্পীসকলে নিজৰ ঘৰত লকডাউনৰ সময়ত প্ৰস্তুত কৰা বিভিন্ন হস্ততাত আৰু হস্তশিল্পৰ সামগ্ৰী এই মেলাৰ জৰিয়তে প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ দ্বাৰা শিল্পী সকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে বাহিৰৰ লোকসকলে সামগ্ৰী সমূহৰ জৰিয়তে ইয়াৰ আঁৰত থকা সৌন্দৰ্য উপভোগ কৰিব পাৰিব । ডনাৰ মন্ত্ৰণালয়ৰ প্ৰতিষ্ঠানটোৱে শিল্পী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ , ডিজাইন বিকাশ , সক্ষমতা সৃষ্টি , সজাগতা সৃষ্টি , বিপণনৰ কাম কৰি আহিছে । আনহাতে এই মেলা গ্ৰাহকৰ বাবে অহা ১৫ এপ্ৰিল পৰ্যন্ত পুৱাৰে পৰা সন্ধিয়ালৈ চলি থাকিব বুলি ব্ৰিগেদিয়াৰ আৰ কে সিংঙে সদৰি কৰে।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers