কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ -পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাত নিগম লিমিটেড চমুকৈ এন ই এইছ এইছ ডি চি ৰ উদ্যোগত গুৱাহাটীৰ গড়চুকৰ পামহীস্থিত শিল্প প্ৰচাৰ কেন্দ্ৰত ৬ মাৰ্চৰ পৰা আৰম্ভ হৈছে বসন্ত বিক্ৰী মেলা । আজি কেন্দ্ৰত আয়োজিত এক সংবাদ মেলত এন ই এইছ এইছ ডি চি ৰ পৰিচালন সঞ্চালক ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) আৰ কে সিংঙে কয় উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ শিল্পীসকলে নিজৰ ঘৰত লকডাউনৰ সময়ত প্ৰস্তুত কৰা বিভিন্ন হস্ততাত আৰু হস্তশিল্পৰ সামগ্ৰী এই মেলাৰ জৰিয়তে প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ দ্বাৰা শিল্পী সকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে বাহিৰৰ লোকসকলে সামগ্ৰী সমূহৰ জৰিয়তে ইয়াৰ আঁৰত থকা সৌন্দৰ্য উপভোগ কৰিব পাৰিব । ডনাৰ মন্ত্ৰণালয়ৰ প্ৰতিষ্ঠানটোৱে শিল্পী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ , ডিজাইন বিকাশ , সক্ষমতা সৃষ্টি , সজাগতা সৃষ্টি , বিপণনৰ কাম কৰি আহিছে । আনহাতে এই মেলা গ্ৰাহকৰ বাবে অহা ১৫ এপ্ৰিল পৰ্যন্ত পুৱাৰে পৰা সন্ধিয়ালৈ চলি থাকিব বুলি ব্ৰিগেদিয়াৰ আৰ কে সিংঙে সদৰি কৰে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান