গৰিয়া লোক সংস্কৃতি জাৰি নৃত্য সংৰক্ষণৰ প্ৰচেষ্টা জাজৰিত

0 312

মোগলে প্ৰথম অসম আক্ৰমণ কৰাৰ সময়তে পৰ্যায়ক্ৰমে মুছলমান সকলৰ আগমন হৈছিল। তেতিয়াৰে পৰা অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ লগত মিলিত হৈ এই সকল গৰিয়া মুছলমান অসমৰ অসমীয়া সমাজ জীৱনৰ এক অংগ হৈ পৰে। অসমৰ কৃষ্টি-সংস্কৃতিৰ লগতো সেই সকল সংপৃক্ত হৈ আজান পীৰ চাহেবৰ অমৰ সৃষ্টি জিকিৰ আৰু জাৰিৰ জৰিয়তে এক সুন্দৰ আৰু অভিনৱ লোক সংস্কৃতি দান দিলে। এই পুৰণি কলীয়া জাৰি নৃত্য এসময়ত বহুল প্ৰচলন আছিল যদিও সময় বাগৰাৰ লগে লগে ই হেৰাই যোৱাৰ উপক্ৰম হৈছে।
অসমৰ ২য় বৃহৎ গৰীয়া মুছলমান গাঁও জাজৰিত এসমত এই জাৰি নৃত্যই অসমৰ সাহিত্য সংস্কৃতিৰ উচ্চস্তৰীয় গৱেষককো আকৰ্ষিত কৰিছিল। শেহতীয়াকৈ অবিভক্ত নগাঁও জিলাৰ সংস্কৃতিবান যুৱক ইউনুচ আলি আৰু তাজিউমুদ্দিনৰ প্ৰচেষ্টাত হেৰাই যাব ধৰা জাৰি নৃত্যই প্ৰাণ পাই উঠিছে। বিশিষ্ট জিকিৰ আৰু জাৰি শিল্পী তজমুল হুছেইনৰ তত্বাৱধানত অঞ্চলটোৰ প্ৰায় ২০ গৰাকী শিল্পীয়ে এমাহ যোৰা অনুশীলনৰ অন্তত দেওবাৰে এই জাৰি নৃত্য অঞ্চলটোৰ সাপেকাটি প্ৰাকৃতিক পৰিবেশৰ মাজত পৰিবেশন কৰে। অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি আবুল খায়েৰ আহমেদ, বক্তৰ হুছেইন, ছফিকুল হক, গৰিয়া জাতীয় পৰিষদৰ নগাঁও আৰু মৰিগাঁও জিলাৰ নেতা বদৰুল ইছলাম, নজৰুল ৰহমান, প্ৰবক্তা নজমা বেগমকে ধৰি শতাধিক স্থানীয় ৰাইজ। উপস্থিত সকলোৱে এই মহান প্ৰচেষ্টাক প্ৰশংসা কৰিছে।
বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.