চচল যুৱক সংঘৰ সৌজন্যত ৩৮ তম বাৰ্ষিক বৃহত্তৰ চচল ব’হাগী উৎসৱ ২০২৩ যোৱা ৮ আৰু ৯ বহাগ ২২ আৰু ২৩ এপ্ৰিল ২০২৩ সফল ভাৱে সামৰণি পৰে। উদযাপন সমিতিৰ বিষয়-ববীয়া সকল ক্ৰমে কাৰ্যকৰী সভাপতি লুটফুৰ ৰহমান, কোষাধ্যক্ষ মোহন টেৰণ, সম্পাদক ঈশান বড়ো, মনোজ কুমাৰ ৰায় ,তথা সমিতিৰ প্ৰতিজন সদস্যৰ অতি পৰিশ্ৰম আৰু ত্যাগৰ ফল স্বৰূপে দুয়োটি নিশাৰ অনুষ্ঠান সফল ৰূপায়ন হয়। সভাপতি পৰাগ মহন্ত, উপদেষ্টা ক্ৰমে মুকুল শৰ্মা, ৰাজিৱ শইকীয়া, মানস প্ৰতিম তালুকদাৰ,গোবিন্দ টুমুং আৰু ড° হিৰোমণি শইকীয়াৰ বিশেষ সহযোগীতাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান বিশেষকৈ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্যশৈলী অনুষ্ঠান দৃষ্টি নন্দন আৰু সকলোৰে আকৰ্ষণীয় কৰি তোলে৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান প্ৰাক্তন সভাপতি স্বৰ্গীয় ৰণজিৎ ক্ৰ সোঁৱৰণি মঞ্চ বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰে অন্যতম উপদেষ্টা প্ৰীয়াক্ষী মহন্ত আৰু প্ৰয়াত ৰঞ্জিত ক্ৰৰ পৰিয়াল বৰ্গই।উক্ত সাংস্কৃতিক অনুষ্ঠানত গুৱাহটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়া,বিশিষ্ট সমাজ সংগঠক নৱ কুমাৰ মুদৈ,প্ৰশান্ত শইকীয়া ,সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰীৰ মনপৰশা গীতে বিহুতলীত উপস্থিত পাঁচ সহস্ৰাধিক লোকক মন্ত্ৰ মুগ্ধ কৰি তোলে৷দুয়োটি নিশাৰ কাৰ্যসূচীৰ সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ টেৰণৰ পৰিচালনাৰে সফল সমাপ্তি ঘটে।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত